গুৱাহাটী,২৩ জুলাই (হি.স.)। অসম অসামৰিক সেৱা বিষয়া অংকুৰ ভৰালীয়ে (এ চি এছ) আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ নতুন সঞ্চালক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে । অসম লোকসেৱা আয়োগৰ ১৯৯৯ বৰ্ষৰ কেডাৰ ভৰালীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল বজালীৰ অতিৰিক্ত সহকাৰী আয়ুক্ত(ই এ চি) হিচাবে ।
শিৱসাগৰৰ সন্তান অংকুৰ ভৰালীয়ে ইতিপূৰ্বে চক্ৰ বিষয়া ৰূপে চাবুৱা, ডিব্ৰুগৰ, তিনিচুকীয়া, মৰাণত, অতিৰিক্ত উপায়ুক্ত ৰূপে ডিব্ৰুগড়,ধুবুৰী, ধেমাজী, নগাওঁ জিলাত সেৱা আগবঢ়াই অহা পিচত উপ সচিব পৰিবহন বিভাগ,যুটীয়া সচিব স্বাস্থ্য বিভাগ, সঞ্চালক ,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব পালন কৰে। পৰবৰ্তী সময়ত ধেমাজী আৰু অতি শেহতীয়াকৈ শোণিতপুৰৰ জিলা আয়ুক্ত ৰূপে কৰ্মৰত ভৰালীক অসম চৰকাৰৰ পাৰ্ছনেল ‘এ’ বিভাগে যোৱা ১৫ জুলাইত জাৰি কৰা অধিসূচনা মৰ্মে ক্ৰীড়া সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হয় ।
দায়িত্ব গ্ৰহণৰ দিনটোতে নতুন সঞ্চালক গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰি সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক বৈঠকত মিলিত হৈ কামকাজৰ সন্ধালনি কৰাৰ উপৰি কেতবোৰ নীতি নিৰ্দেনা জাৰি কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
