বৰপেটা, ০৯ জুলাই (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াতো পালন কৰে মটৰ শ্ৰমিক ইউনিয়নৰ সৰ্বাত্মক ধৰ্মঘট। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী ফেডাৰেচনৰ যৌথ উদ্যোগত আৰু অসমৰ মটৰ শ্ৰমিক সংগঠনৰ সহযোগত দেশ ব্যাপী পালন কৰা ২৪ ঘন্টীয়া চকা বন্ধৰ কাৰ্যসূচীক সমৰ্থন জনাই কলগাছিয়াতো বন্ধ হৈছে সমগ্ৰ দোকান পোহাৰৰ লগতে গাড়ী মটৰৰ চলাচল।
উল্লেখ্য যে শ্ৰম সংহিতা বাতিল কৰা, কামৰ সময় নিশ্চিত কৰা, নূন্যতম মজুৰি নিশ্চিত কৰা, সামাজিক সুৰক্ষা নিশ্চিত কৰা, মাটি সম্পত্তি আৰু প্ৰকৃতিৰ ওপৰত কৰ্পৰেট লুণ্ঠন বন্ধ কৰা, দেশৰ বেংক বীমা সমূহ ৰাজহুৱা খণ্ডৰ উদ্যগসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া স্বৈৰাতন্ত্ৰ বন্ধ কৰা, নতুন পদ সৃষ্টিৰ লগতে সকলো খালি পদ পৰ্যায়ক্ৰমে পূৰণ কৰাৰ লগতে কেইবাটাও দাবীৰ ভিত্তিত দেশজোৰা ধৰ্মঘট পালন কৰে।কলগাছিয়াৰ মটৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক, শ্ৰমিক সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু জনবিৰোধী নীতি বাতিল কৰাৰ দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
