• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ভোটাৰ তালিকা প্ৰস্তাৱিত সংশোধনীক লৈ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হিতেশ দেৱ শৰ্মাৰ নিৰ্বাচন আয়োগলৈ পত্ৰ
Regional

ভোটাৰ তালিকা প্ৰস্তাৱিত সংশোধনীক লৈ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হিতেশ দেৱ শৰ্মাৰ নিৰ্বাচন আয়োগলৈ পত্ৰ

CliQ INDIA
Last updated: July 20, 2025 11:00 am
CliQ INDIA
Share
2 Min Read
SHARE

– সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত আগবঢ়ালে পৰামৰ্শ

গুৱাহাটী, ২০ জুলাই (হি.স.)। নিৰ্বাচন আয়োগে আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ দৰে অসমৰ ভোটাৰ তালিকাও সংশোধনীৰ সিদ্ধান্ত লৈছে । সম্প্ৰতি বিহাৰত চলি থকা ভোটাৰ তালিকাৰ সংশোধনীৰ সময়ত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম ধৰা পৰিছে। ইয়াৰ পিছতে অসমকে ধৰি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনতো ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ কৰিব নিৰ্বাচন আয়োগে। আয়োগৰ এই সিদ্ধান্তৰ কথা অৱগত হোৱাৰ পিছতে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই।

অসমৰ ভোটাৰ তালিকাৰ প্ৰস্তাৱিত সংশোধনীক লৈ এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ কিছু পৰামৰ্শ আগবঢ়াইছে । উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞালব্ধ জ্ঞানেৰে হিতেশ দেৱ শৰ্মাই এই পৰামৰ্শ আগবঢ়ায়। ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ অসমৰ ১৯৫১ চনৰ এনআৰচি উন্নীতকৰণ কৰা হৈছিল। এনআৰচিত যাতে অবৈধ বিদেশী নাগৰিকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তাৰ বাবে মুখ্যতঃ দুটা প্ৰক্ৰিয়া অৱলম্বন কৰিছিল। প্ৰথমটো ‘বেক-এণ্ড ভেৰিফিকেশ্যন’ আৰু দ্বিতীয়টো ‘বংশ বৃক্ষ’ৰ জৰিয়তে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। এনআৰচি উন্নীতকৰণৰ সময়ত এই দুই প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছিল।

‘বেক-এণ্ড ভেৰিফিকেশ্যন’ হ’ল নাগৰিকে প্ৰদান কৰা তথ্য পৰীক্ষণ প্ৰক্ৰিয়া। এই পৰীক্ষণ প্ৰক্ৰিয়াত নাগৰিকে প্ৰদান কৰা তথ্যসমূহ স্কেন কৰি উৎসলৈ পঠিয়াই দিয়া হয়। সেই উৎসসমূহে তথ্যসমূহ পৰীক্ষা কৰি পুনৰ ওভতাই পঠিয়ায়। তাৰ আধাৰত নাগৰিকজনে দাখিল কৰা তথ্যৰ ওপৰত সিদ্ধান্ত লোৱা হয়। দ্বিতীয়টো প্ৰক্ৰিয়া হ’ল ‘বংশ বৃক্ষ’। এই প্ৰক্ৰিয়াত নাগৰিকজনে তেওঁৰ পিতৃ-মাতৃৰ নামৰ লগতে পৰিয়ালৰ সকলো লোকৰ তথ্য দাখিল কৰিব লাগে। প্ৰতিজন লোকে দাখিল কৰা তথ্যৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোনো লোকে যদি তেওঁলোকৰ পৰিয়ালত আন লোকৰ অজ্ঞাতে কোনো বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্তও কৰে, তেতিয়া আন লোকসকলে দাখিল কৰা তথ্যৰ সৈতে পৰীক্ষা কৰি কোনো সিদ্ধান্তত উপনীত হ’ব পৰা যায়। আনকি ‘বেক-এণ্ড ভেৰিফিকেশ্যন’ৰ তথ্য আৰু বংশ বৃক্ষৰ তথ্য এনআৰচিৰ সঞ্চালকালয়ত মজুত থকা বুলিও পত্ৰখনত উল্লেখ কৰে হিতেশ দেৱ শৰ্মাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

টিংখাঙত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফ’ৰ ইউনিটি’ শীৰ্ষক প্ৰীতি দৌৰ
গৰুচোৰক কেন্দ্ৰ কৰি উত্তপ্ত দেৰগাঁৱৰ দীঘলিপাম
নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত ৯২ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ শুভ উদ্বোধন
ৰহাৰ গড়মাৰীৰ চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
(আপডেট) জাগীৰোডত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অতি শীঘ্ৰে ভাৰত পৰিণত হ’ব এখন বিশাল ৰেলৱে উৎপাদন আৰু ৰেলৱে ৰপ্তানিকাৰক দেশঃ অশ্বিনী বৈষ্ণৱ
Next Article বৰ্ষাবিঘ্নিত দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডৰ ভাৰতক ৮ উইকেটত পৰাজিত, শৃংখলা ১-১ ব্যৱধানত সমতা স্থাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?