নতুন দিল্লী, ০৭ জুলাই (হি.স.)। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব শাসন কাঠামোত সংস্কাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ তথ্য প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
প্ৰধানমন্ত্ৰীয়ে মুকলি অধিৱেশনত বিশ্ব শাসন আৰু শান্তি আৰু নিৰাপত্তাৰ ওপৰত নিজৰ মতামত দাঙি ধৰে। তেওঁ কয় যে উন্নয়নশীল দেশসমূহক বহনক্ষম উন্নয়নৰ বাবে অধিক জলবায়ু বিত্ত আৰু প্ৰযুক্তিৰ সুবিধাৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ) আৰু বিশ্ব ব্যৱসায় সংস্থাৰ দৰে প্ৰতিষ্ঠানৰ শীঘ্ৰে সংস্কাৰৰ দাবী জনায়। সন্ত্ৰাসবাদৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ এপ্ৰিল মাহত পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক মানৱতাৰ আঘাত বুলি অভিহিত কৰে। সন্ত্ৰাসবাদক সুৰক্ষা প্ৰদান কৰা, বিত্তীয় সাহায্য প্ৰদান কৰা বা উৎসাহিত কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও তেওঁ কয়। তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দ্বৈত মানদণ্ড আৰু শূন্য সহনশীলতা নীতি পৰিহাৰ কৰাৰ পোষকতা কৰিছিল। পিছলৈ বহুপক্ষীয়তাবাদ, অৰ্থনৈতিক-বিত্তীয় পৰিক্ৰমা আৰু এআই অধিবেশনত তেওঁ কয় যে বৈচিত্ৰ্য আৰু বহুমেৰুত্ব ব্ৰিকছৰ শক্তি। তেওঁ চাৰিটা পৰামৰ্শ আগবঢ়ায় – ব্ৰিকছ নিউ ডেভেলপমেণ্ট বেংকে দীৰ্ঘম্যাদী আৰু চাহিদাভিত্তিক প্ৰকল্পক অগ্ৰাধিকাৰ দিব লাগে, বিজ্ঞান আৰু গৱেষণাৰ ভঁৰাল স্থাপন কৰিব লাগে, অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ যোগান শৃংখল সুৰক্ষিত কৰিব লাগে আৰু এআইৰ ক্ষেত্ৰত উদ্ভাৱন আৰু দায়িত্বৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে।
সন্মিলনৰ শেষত ব্ৰিকছৰ দেশসমূহে ‘ৰিঅ’ ডি জেনেইৰ’ ঘোষণাপত্ৰ’ গ্ৰহণ কৰে। ‘ৰিঅ’ ডি জেনেইৰ’ ঘোষণা – অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসনৰ বাবে বিশ্ব দক্ষিণ সহযোগিতা শক্তিশালী কৰা’ উন্নয়নশীল দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি, বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু অন্তৰ্ভুক্ত আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰে। একে সময়তে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
