ওদালগুৰি, ০৭ জুলাই (হি.স.): সমাগত বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ওদালগুৰি জিলাত বিজেপি দলে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ যোৱাকালি দেওবাৰে বিয়লি টংলাত খালিংদুৱাৰ মণ্ডল বিজিপিৰ সভাপতি অৰ্পণা মেধিৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ সাংগঠনিক সভা।
এই সভাত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাই সমাগত নিৰ্বাচনত খালিংদুৱাৰ পৰিষদীয় সমষ্টিটো বিজেপিৰ দখললৈ অনাৰ বাবে দলটোৰ কৰ্মকৰ্তাসকলক সাজু হোৱাৰ বাবে আহ্বান জনায় ৷ সভাত বিভিন্ন দলৰ বিজেপি দলত যোগদান কৰা শতাধিক নেতা-কৰ্মীক আদৰণি জনায় ৷ সভাত বিধায়ক দিগন্ত কলিতা, প্ৰণৱ নাৰায়ণ দেৱ আদি সভাত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
