
– চতুৰ্থ দিনা লোকে লোকাৰণ্য পৰিৱেশ
ওদালগুৰি, ০১ ডিছেম্বৰ (হি.স.): বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটী ৰাস উদ্যাপন সমিতিয়ে ৬৩ সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰিছে ৷ ২৫ নৱেম্বৰ পৰা ৭ ডিচেম্বৰলৈ প্ৰায় ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত ৬৩ সংখ্যক ৰাস মহোৎসৱত ধৰ্মীয় তথা আধ্যাত্মিক আলোচনা চক্ৰ, নাম-প্ৰসংগৰে অনুষ্ঠিত কৰে ৷
ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ বাবে আটকধুনীয়াকৈ বৈদ্যুতিক কাৰুকাৰ্যৰে শতাধিক মৃণ্ময় মূৰ্তিৰ সহায়ত শ্ৰীকৃষ্ণ লীলাৰ প্ৰদৰ্শনৰ ব্যৱস্থাৰ লগতে শিশু, যুৱক-যুৱতীৰ মনোৰঞ্জনৰ বাবে চাৰ্কাচ, মীনা বাজাৰ, বিভিন্ন প্ৰদৰ্শনী আদিৰ ব্যৱস্থা কৰিছে ৰাস মহোৎসৱত ৷ প্ৰায় ৪০ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত ৰাস মহোৎসৱত এইবেলি বিশেষ আকৰ্ষণৰ বাবে সৰ্প দূৱাৰৰ লগতে চেল্ফি জনৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে।
লগতে অঞ্চলটোক প্ৰতিনিধিত্ব কৰা বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনে ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বুলি উদ্যাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
