নতুন দিল্লী, ০৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত বিশ্ব প্ৰতিষ্ঠানসমূহৰ সৰ্বাংগীন সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বৰ্তমানৰ বিশ্বৰ গাঁথনিসমূহে একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ অক্ষম। তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহ ‘নেটৱৰ্ক’ নথকা চিম কাৰ্ডৰ দৰে হৈ পৰিছে – উপস্থিত আছে, কিন্তু অকাৰ্যকৰী।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে বিশ্ব দক্ষিণ সদায় দ্বৈত মানদণ্ডৰ বলি হৈ আহিছে – সেয়া উন্নয়নৰ সুযোগেই হওক, সম্পদ বিতৰণেই হওক বা নিৰাপত্তা সম্পৰ্কীয় বিষয়েই হওক। তেওঁ কয় যে জলবায়ু বিত্ত, বহনক্ষম উন্নয়ন আৰু প্ৰযুক্তিৰ সুবিধাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশ্ব দক্ষিণে কেৱল তলৰ পৰাহে সমৰ্থন লাভ কৰিছে, আনহাতে প্ৰকৃত অগ্ৰাধিকাৰ দিয়া হোৱা নাই।
মোদীয়ে কয় যে ২০ শতিকাত প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে বৰ্তমান বিশ্বৰ দুই তৃতীয়াংশ জনসংখ্যাক সঠিকভাৱে প্ৰতিনিধিত্ব নকৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানত গাঁথনিগত সংস্কাৰৰ দাবী জনাই তেওঁ কয় যে যেতিয়া আমি প্ৰতি সপ্তাহত কাৰিকৰী আপডেট গ্ৰহণ কৰো, তেতিয়া বিশ্বৰ প্ৰতিষ্ঠানসমূহে ৮০ বছৰ ধৰি কোনো পৰিৱৰ্তন নোহোৱাকৈ কেনেকৈ কাম কৰিব পাৰে? তেওঁ কয় যে একবিংশ শতিকাৰ চফটৱেৰ ২০ শতিকাৰ টাইপৰাইটাৰত চলিব নোৱাৰে। আধুনিকীকৰণৰ দাবী বৰ্তমানৰ দাবী আৰু ইয়াক পূৰণ কৰিব লাগিব।
প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে সংস্কাৰসমূহ কেৱল প্ৰতীকী হ’ব নালাগে, বৰঞ্চ ইয়াৰ দ্বাৰা সুনিৰ্দিষ্ট আৰু বাস্তৱিক ফলাফল আহিব লাগে। তেওঁ বহুমেৰু, অন্তৰ্ভুক্ত আৰু সঁহাৰি জনোৱা বিশ্বব্যাপী ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে, য’ত নীতি নিৰ্ধাৰণত বিশ্ব দক্ষিণৰ কণ্ঠ শুনা যায়।
প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ গোটৰ সম্প্ৰসাৰণক বিশ্ব সংস্কাৰৰ উদাহৰণ বুলি অভিহিত কৰি ইণ্ডোনেছিয়াৰ দৰে দেশক ইয়াত অন্তৰ্ভুক্ত কৰাটো আদৰণি জনায়। তেওঁ কয় যে এই গোটটো এতিয়া কেৱল এটা মঞ্চ নহয়, বৰঞ্চ বিশ্বৰ গাঁথনিগত পৰিৱৰ্তনৰ নেতৃত্ব দিয়া এক শক্তিত পৰিণত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
