এডগবাষ্টন, ০৭ জুলাই (হি.স.)। এডগবাষ্টন টেষ্টত অধিনায়ক হিচাপে প্ৰথমটো জয় পঞ্জীয়ন কৰাৰ পিছতো শুভমন গিলে কয় যে যেতিয়া বলাৰসকলে সহায় নাপায় আৰু খেলখন সম্পূৰ্ণৰূপে বেটছমেনৰ সপক্ষে একপক্ষীয় হয়, তেতিয়া টেষ্ট ক্ৰিকেটে নিজৰ প্ৰকৃত আত্মা হেৰুৱাই পেলায়।
ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰি ভাৰতে ১-১ ব্যৱধানত সমতা স্থাপন কৰে। এই মেচখনত গিলে ২৬৯ আৰু ১৬১ ৰানৰ দুটা সুন্দৰ ইনিংছ খেলি মুঠ ৪৩০ ৰান সংগ্ৰহ কৰে। কিন্তু ইয়াৰ পিছতো তেওঁ কয় যে ফ্লেট পিটচ আৰু ড্যুকৰ বল সোনকালে কোমল হোৱাৰ বাবে বলিং অতি কঠিন হৈ পৰিছে।
মেচৰ অন্তত গিলে কয়, বলটো অতি সোনকালে কোমল আৰু চেপ আউট হৈ আহিছে। বতৰৰ বাবে নে পিটচৰ বাবেই হৈছে নাজানো, কিন্তু বলাৰসকলৰ বাবে উইকেট লোৱাটো অতি কঠিন হৈ পৰিছে। তেওঁ কয়, যদি আপুনি মাত্ৰ ২০-৩০ অভাৰৰ বাবে সহায় পায় আৰু দিনটোৰ বাকী সময়খিনি ৰান বন্ধ কৰাৰ কথা ভাবি থাকিব লাগে, তেন্তে খেলখন আৰু আনন্দৰ হৈ নপৰে। বেট আৰু বলৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।
আকাশ দীপ আৰু ছিৰাজৰ বাবে প্ৰশংসা
এই টেষ্টত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা বেগী বলাৰ আকাশ দীপ আৰু মহম্মদ চিৰাজৰ প্ৰশংসা কৰে গিলে। তেওঁ কয়, দুয়োজনে একেলগে ১৬-১৭ উইকেট দখল কৰিছিল, যিটো বুমৰাহ ভাইৰ অবিহনে ডাঙৰ কথা। আমি ২০ উইকেট ল’ব পাৰিম নে নোৱাৰিম সেই বিষয়ে বহুতে সন্দেহ কৰিছিল, কিন্তু দুয়োজনে আচৰিত কাম কৰিলে।
লগতে শেষৰ দিনটোত প্ৰথম স্পেলত উজ্জ্বল বলিং কৰা প্ৰসিদ্ধ কৃষ্ণক প্ৰশংসা কৰে যদিও তেওঁ এটা উইকেট নাপালে।
ইংলেণ্ডৰ ফ্লেট পিটচত জিমি
গিলে ধেমালি কৰি কয় যে ইংলেণ্ডে হয়তো আৰু ইমান ফ্লেট পিটচ বনাব নোৱাৰে। তেওঁ কয় যে টেষ্টত ভাৰতে দীৰ্ঘদিন ধৰি বেটিং কৰাৰ সুবিধা পাইছিল। গিলে কয় যে আমি এতিয়ালৈকে খেলা বেছিভাগ সময়তে আমি বেটিং কৰি আহিছো, যিটো আমাৰ বাবে ভাল। যদি আমি ধাৰাবাহিকভাৱে ৩০০-৪০০ ৰান কৰিব পাৰো তেন্তে আমি প্ৰতিখন মেচতে থাকিম।
ৱাশ্বিংটন সুন্দৰৰ সৈতে সপ্তম উইকেটৰ বাবে গুৰুত্বপূৰ্ণ শতকীয় অংশীদাৰিত্বৰ কথাও উল্লেখ কৰি গিলে কয় যে একেটা অংশীদাৰিত্বই দলটোৰ অগ্ৰগতি মানসিকভাৱে শক্তিশালী কৰি তুলিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
