গুৱাহাটী, ০৪ জুলাই (হি.স.)। ডিমৰীয়াৰ টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মুঠ সাতজন আহত । গুৱাহাটীৰ পৰা নগাঁও অভিমুখী তীব্ৰবেগী বিলাসী আৰটিগা বাহনৰ পিছফালৰ পৰা খুন্দা ৰখাই থোৱা যাত্ৰীবাহী ট্ৰেভেলাৰত। আহত আৰটিগা বাহনৰ শিশুসহ চাৰিজনৰ, ইয়াৰ সন্মুখৰ আসনত বহি থকা প্ৰায় ৯ বছৰীয়া এগৰাকী শিশুৰ অৱস্থা সংকটজনক লগতে আহত ট্ৰেভেলাৰ খনৰো পিছৰ আসনত বহি থকা তিনিগৰাকী যাত্ৰী।
দুৰ্ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত আৰটিগা বাহনখনৰ নম্বৰ এএছ ৩১ই ২৮৭৭ আৰু ট্ৰেভেলাৰ বাহনখনৰ নম্বৰ এএছ ১২ এচি ৩৯১২ । আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নীতি বহিৰ্ভূতভাৱে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা যাত্ৰীবাহী ট্ৰেভেলাৰ বাহন খনৰ চালক-হেণ্ডিমেনৰ পলায়ন।
হিন্দুস্থান সমাচাৰ / Narayan Kar
