–কামৰূপ দ্বিতীয়, তৃতীয় স্থানত শিৱসাগৰ
গুৱাহাটী, ০৪ জুলাই (হি স)।
গুৱাহাটী সৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত ৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ আজি সফলতাৰে সম্পন্ন হয়। ২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাত খনিত মুঠ ১৪২ টা ইভেন্ট অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৬১০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শনৰে যোৰহাট দলে ৫৬ টা সোণ, ৫১ টা ৰূপ, ৩৬ টা ব্ৰঞ্জ পদকৰে দলীয় খিতাপ অৰ্জন কৰে। কামৰূপ দলে ৩৫টা সোণ, ৩৮ টা ৰূপ ৩৫ টা ব্ৰঞ্জৰে দ্বিতীয় স্থান লাভ কৰে। তৃতীয় স্থান লাভ কৰা শিৱসাগৰ দলে ৭টা সোণ, ৮টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ লাভ কৰে।
অসম সাঁতোৰ সংস্থা সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ব্যক্তিগত গ্ৰুপ চেম্পিয়ন :
গ্ৰুপ চেম্পিয়ন পুৰুষৰ অপেন শাখা বনদীপ মেধি (কামৰূপ), মহিলাৰ মুকলি শাখাত দিশা গগৈ (চৰাইদেউ), গ্ৰুপ ৱান ল’ৰা সংস্কাৰ ভূঞা (যোৰহাট), গ্ৰুপ ৱান ছোৱালী শাখাত জাহ্নৱী চাংমাই(কামৰূপ), গ্ৰুপ টু ল’ৰা প্ৰয়াস গগৈ (যোৰহাট), আহ্লাদ আদিত্য (যোৰহাট) গ্ৰুপ টু ছোৱালী অঙ্গৰিকা শইকীয়া (যোৰহাট), ভূমিকা কাশ্যপ (যোৰহাট), গ্ৰুপ থ্ৰী ল’ৰা অভিজ্ঞান মোহন (যোৰহাট), গ্ৰুপ থ্ৰী ছোৱালী শাখাত কস্তুৰী গগৈ (কামৰূপ) গ্ৰুপ চেম্পিয়নৰ বঁটা লাভ কৰে।
লগতে আকৰ্ষণীয় ৱাটাৰ প’ল প্ৰতিযোগিতাৰ মহিলা বিজয়ী সন্মান লাভ কৰে শিৱসাগৰ দলে। ৰাণাৰ-আপ বঁটা লাভ কৰে যোৰহাট দলে। ল’ৰা ৱাটাৰ প’লৰ চুড়ান্ত বিজয়ী বঁটা লাভ কৰে শিৱসাগৰ দলে। ৰাণাৰ-আপ বঁটা লাভ কৰে যোৰহাট দলে।
ইয়াৰ উপৰি ৩ মিটাৰ আৰু ১ মিটাৰ ডাইভিং প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। বঁটা অনুষ্ঠান এনডিআৰএফৰ সহকাৰী কামানণ্ডেণ্ট এন কে টিৱাৰী, অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস, উপসভাপতি তৰুণ দত্ত, দেৱ হাজৰিকা, যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকন, প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী কাৰ্যনিবাহ সদস্য ত্ৰিদিপ বৰঠাকুৰ, ৰাজীৱ শৰ্মা, নৱজ্যোতি গগৈ প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে বঁটা প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
