কাঠমাণ্ডু, ৩০ জুন (হিি.স.)। নেপালৰ বিশেষ আদালতে ৩২১ বিলিয়নতকৈ অধিক টকাৰ হাই প্ৰফাইল টেলিকম দুৰ্নীতিৰ গোচৰত নেপালী কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন তথ্য আৰু যোগাযোগ মন্ত্ৰী মোহন বাছনেটক ২৫ লাখ টকাৰ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
নেপাল দূৰসংযোগ কৰ্তৃপক্ষৰ এই কেলেংকাৰীৰ গোচৰ ১৫ মে’ত আদালতত দাখিল কৰিছিল দুৰ্নীতি বিৰোধী ব্যুৰোৱে।এই গোচৰত বাছনেট আৰু আন ১৫ জন লোকক অভিযুক্ত কৰা হৈছে। বিশেষ আদালতৰ ন্যায়াধীশ তেজ নাৰায়ণ সিং ৰায়, ন্যায়াধীশ ৰাম বাহাদুৰ থাপা আৰু ন্যায়াধীশ বিদুৰ কইৰালাৰ বিচাৰপীঠে আজি প্ৰথমে বাছনেটৰ বক্তব্য লিপিবদ্ধ কৰে। ইয়াৰ পিছত তেওঁৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰা হয়।
নেপাল দূৰসংযোগ কৰ্তৃপক্ষৰ বাবে টেৰামক্স ব্যৱস্থা ক্ৰয় কৰাৰ সময়ত বৃহৎ পৰিসৰৰ আত্মসাৎ কৰা হৈছে বুলি অভিযোগ কৰিছে দুৰ্নীতি নিবাৰক ব্যুৰোৰ। আন আন অভিযুক্তৰ ভিতৰত আছে এন টি এৰ প্ৰাক্তন অধ্যক্ষ দিগম্বৰ ঝা, ধনৰাজ গ্যাৱালী, টিকা প্ৰসাদ উপ্ৰেতি, সুৰেন্দ্ৰ লাল হাদা, দীপেশ আচাৰ্য, সন্দীপ অধিকাৰী, অচ্যুতানন্দ মিশ্ৰ, বিজয় কুমাৰ ৰায়া, পুৰুষোত্তম প্ৰসাদ খানাল, ৰেৱতী ৰাম পন্থ, সুৰেশ বছনেট, হিৰণ্য প্ৰসাদ বস্তাকোটি, তেজ প্ৰসাদ খৰেল, দিলীপ কুমাৰ গুৰুং আৰু দুটা ব্যক্তিগত কোম্পানী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
