• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > (লীড) ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি
International

(লীড) ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি

CliQ INDIA
Last updated: July 25, 2025 10:45 am
CliQ INDIA
Share
6 Min Read
SHARE

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ দ্বিপাক্ষিক বৈঠক

লণ্ডন, ২৪ জুলাই (হি.স.)। ভাৰত আৰু ব্ৰিটেইনৰ মাজত বহু প্ৰত্যাশিত আৰু বহু চৰ্চিত মুক্ত বাণিজ্য চুক্তি আজি ইয়াত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু মজলীয়া, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ খণ্ডৰ বাবে ব্ৰিটেইনত এক নতুন বজাৰ পোৱা যাব, আনহাতে ভাৰতে ব্ৰিটেইনত নিৰ্মিত সামগ্ৰী – যেনে চিকিৎসা সঁজুলি আৰু মহাকাশৰ উপাদানসমূহ সুলভ মূল্যত সহজে লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছে সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ বাণিজ্য ৰাজ্যিক মন্ত্ৰী জনাথন ৰেইনল্ডছে ভাৰতৰ হৈ চিইটিএত স্বাক্ষৰ কৰে। এই উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত থাকে।

এই উপলক্ষে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীসকলে ভাৰত আৰু ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি আৰু শক্তি প্ৰদানৰ সংকল্প প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ড আৰু উগ্ৰবাদী মতাদৰ্শ থকা শক্তিসমূহে গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰক গৰিহণা দি গণতান্ত্ৰিক স্বাধীনতাৰ নামত সন্ত্ৰাসবাদক গোপনে সমৰ্থন আগবঢ়োৱাসকলৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বৈঠকৰ অন্তত প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ সম্পৰ্কৰ আজি এক ঐতিহাসিক দিন।মই সুখী যে বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) সম্পাদন কৰা হৈছে। এফালে ভাৰতীয় বস্ত্ৰ, জোতা, ৰত্ন আৰু গহণা, সাগৰীয় খাদ্য আৰু অভিযান্ত্ৰিক সামগ্ৰীয়ে ব্ৰিটেইনত উন্নত বজাৰ লাভ কৰিব । ভাৰতৰ কৃষি সামগ্ৰী আৰু প্ৰক্ৰিয়াকৃত খাদ্য উদ্যোগৰ বাবে ব্ৰিটেইনৰ বজাৰত সুযোগ সৃষ্টি হ’ব। ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু মজলীয়া, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ খণ্ডৰ বাবে এই চুক্তি বিশেষ ভাৱে লাভজনক হ’ব । আনহাতে ভাৰতে ব্ৰিটেইনত নিৰ্মিত সামগ্ৰী – যেনে চিকিৎসা সঁজুলি আৰু মহাকাশৰ উপাদানসমূহ সুলভ মূল্যত সহজে লাভ কৰিবলৈ সক্ষম হ’ব।

তেওঁ কয় যে এই চুক্তিৰ লগতে দ্বৈত ওপৰতো সহমতত উপনীত হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সেৱা খণ্ড বিশেষকৈ প্ৰযুক্তি আৰু বিত্তীয় ক্ষেত্ৰত নতুন শক্তি লাভ কৰিব। ব্যৱসায় কৰাত সহজতাই গতি পাব। ব্যৱসায়িক খৰচ কমি যাব আৰু ব্যৱসায়িক আত্মবিশ্বাস বৃদ্ধি পাব। লগতে ব্ৰিটেইনৰ অৰ্থনীতিয়ে পাব দক্ষ ভাৰতীয় প্ৰতিভা। এই চুক্তিসমূহে দুয়োখন দেশতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, দুখন গণতান্ত্ৰিক দেশ আৰু বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত হোৱা এই চুক্তিসমূহে বিশ্বৰ স্থিতিশীলতা আৰু সমৃদ্ধিও শক্তিশালী কৰিব।’

প্ৰধানমন্ত্ৰীয়ে কয়, আজি আমি আগন্তুক দশকত আমাৰ সামগ্ৰিক কৌশলগত অংশীদাৰিত্বক নতুন গতি আৰু শক্তি প্ৰদানৰ বাবে ভিজন ২০৩৫ৰ বিষয়েও ক’ম। ই প্ৰযুক্তি, প্ৰতিৰক্ষা, জলবায়ু, শিক্ষা আৰু জনসাধাৰণৰ সংযোগৰ ক্ষেত্ৰত এক শক্তিশালী, নিৰ্ভৰযোগ্য আৰু অভিলাষী অংশীদাৰিত্বৰ বাবে এক ৰোডমেপ হ’ব। তেওঁ কয় যে নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ বাবে প্ৰতিৰক্ষা উদ্যোগিক ৰোডমেপ প্ৰস্তুত কৰা হৈছে। আমাৰ প্ৰযুক্তি সুৰক্ষাৰ পদক্ষেপক আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰা হ’ব। এআইৰ পৰা জটিল খনিজ পদাৰ্থ, অৰ্ধপৰিবাহীৰ পৰা চাইবাৰ সুৰক্ষালৈকে আমি একেলগে ভৱিষ্যত গঢ়িম বুলি আমাৰ প্ৰতিশ্ৰুতি।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে, এইখন এনে এক চুক্তি যিয়ে দুয়োখন দেশৰ বাবে বৃহৎ সুবিধা কঢ়িয়াই আনিব, মজুৰি বৃদ্ধি কৰিব, জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু শ্ৰমিক মানুহৰ পকেটত অধিক ধন ৰাখিব। ই চাকৰিৰ বাবে ভাল, ব্যৱসায়ৰ বাবে ভাল, শুল্ক হ্ৰাস কৰিব আৰু বাণিজ্য সস্তা, দ্ৰুত আৰু সহজ কৰি তুলিব।

ষ্টাৰমাৰে কয়, আমি দুয়ো জানো যে ইউৰোপীয় ইউনিয়নৰ পৰা ওলাই অহাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা এইটোৱেই আটাইতকৈ ডাঙৰ আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি। মই ক’ব পাৰো যে ভাৰতে স্বাক্ষৰ কৰা আটাইতকৈ ব্যাপক চুক্তিসমূহৰ ভিতৰত ই অন্যতম। গতিকে প্ৰধানমন্ত্ৰী মোডী, আপোনাৰ নেতৃত্ব আৰু বিচক্ষণতাৰ বাবে ধন্যবাদ। যিসকলে এই চুক্তিখন সফল কৰাৰ বাবে ইমান কষ্ট কৰিছে, তেওঁলোকক ধন্যবাদ দিব বিচাৰিছো।

মোদীয়ে কয় যে ভাৰতত অৰ্থনৈতিক অপৰাধৰ গোচৰত বিচৰা পলাতকসকলক প্ৰত্যাৰ্পণ কৰাৰ বিষয়ত আমাৰ সংস্থাসমূহে সহযোগিতা আৰু সমন্বয়ৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশে শিক্ষাৰ ক্ষেত্ৰত এক নতুন অধ্যায় লিখিছে। ব্ৰিটেইনৰ ৬খন বিশ্ববিদ্যালয়ে ভাৰতত কেম্পাছ খুলিছে। মাত্ৰ যোৱা সপ্তাহত ভাৰতৰ গুৰুগ্ৰাম চহৰত চাউথ হেম্পটন বিশ্ববিদ্যালয়ৰ চৌহদ উদ্বোধন কৰা হয়।

মোডীয়ে কয়, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু তেওঁৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই বুলি আমি একমত। এই কথাতো আমি একমত যে উগ্ৰবাদী মতাদৰ্শৰ শক্তিক গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। গণতন্ত্ৰক দুৰ্বল কৰিবলৈ গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰাসকলক জবাবদিহি কৰিব লাগিব।

তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু স্থিতিশীলতা, ইউক্ৰেইনত চলি থকা সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত আমি মতামত ভাগ কৰি আহিছো। সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰাটো অতি প্ৰয়োজনীয়। আজিৰ যুগৰ দাবী বিকাশবাদ, সম্প্ৰসাৰণবাদ নহয়।

যোৱা মাহত আহমেদাবাদত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ব্ৰিটিছ নাগৰিকৰ পৰিয়াললৈও মোদীয়ে শোক প্ৰকাশ কৰে।

ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেট সম্পৰ্কৰ ঐতিহাসিক পটভূমিত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দুয়োৰে বাবে ক্ৰিকেট কেৱল খেল নহয়, বৰঞ্চ এক আবেগ। আৰু ই আমাৰ অংশীদাৰিত্বৰ এক ডাঙৰ উদাহৰণো। কেতিয়াবা ছুইং আৰু মিছ হ’ব পাৰে, কিন্তু আমি সদায় ষ্ট্ৰেইট বেট লৈ খেলো! আমি এক শক্তিশালী আৰু উচ্চ স্ক’ৰ কৰা অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পশুৰ গাখীৰত প্ৰথমবাৰৰ বাবে বাৰ্ড ফ্লু ভাইৰাছ নিশ্চিত, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন
সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ মহাকাশৰ পৰা পৃথিৱীলৈ ৰাওনা | BulletsIn
আজিৰে পৰা ভাৰতীয় সেনা প্ৰধানৰ পাঁচদিনীয়া নেপাল ভ্ৰমণ | BulletsIn
গাজাত যুদ্ধবিৰতি কাৰ্যকৰী, ইজৰাইলৰ সৈন্য প্ৰত্যাহাৰ আৰম্ভ
আমেৰিকা আৰু ইউৰোপীয় ইউনিয়ন ব্যাপক শুল্ক চুক্তিত উপনীত, বাণিজ্য যুদ্ধ ৰোধ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অভিনেতা পৱন কল্যাণৰ ছবি ‘হৰি হৰ বীৰা মল্লু’ ছবিগৃহত মুক্তি
Next Article বিশ্বাস আৰু সুৰক্ষাৰ পতন আৰু ভৱিষ্যত: ইণ্টাৰনেটৰ অদৃশ্য অভিভাৱকসকলৰ মাজত গভীৰ ডুব | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?