কলম্বো, ২৪ আগষ্ট (হি.স.)। চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত ২৬ আগষ্টলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত যোৱা নিশা কলম্বোৰ ৰিমাণ্ড জেলত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
কলম্বো পোষ্টৰ তথ্য অনুসৰি ৭৬ বছৰীয়া উইক্ৰেমসিংহক চিকিৎসকৰ পৰামৰ্শ অনুসৰি আই চি ইউত ভৰ্তি কৰা হৈছিল। তেওঁ ডিহাইড্ৰেচনৰ লগতে উচ্চ বি পি আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত।
যোৱা ২২ আগষ্টত চিআইডিৰ মুখ্য কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হৈছিল উইক্ৰেমসিংহক, য’ত তেওঁক চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগৰ তদন্তৰ সৈতে জড়িত এক বিবৃতি ৰেকৰ্ড কৰিবলৈ মাতি অনা হৈছিল। ২০২৩ চনত পত্নীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইংলেণ্ড ভ্ৰমণত চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা ৰানিল উইক্ৰেমচিঙেক কলম্বো আদালতে জামিনৰ পৰা বঞ্চিত কৰাৰ পিছত তেওঁক ২৬ আগষ্টলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
২০২২ চনৰ জুলাইৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈ ৰাষ্ট্ৰপতি হিচাপে থকা উইক্ৰেমসিংহে গোটাবায়া ৰাজাপাকছাৰ ঠাইত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত তেওঁক শ্ৰীলংকাক অৰ্থনৈতিক সংকটৰ পৰা উলিয়াই অনাৰ কৃতিত্ব দিয়া হৈছিল। ইয়াৰ লগতে তেওঁ ছবাৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
