বিশ্বনাথ, ২৮ জুন (হি.স.): পৰিয়ালৰ অজ্ঞাতে বিবাহপাশত আৱদ্ধ হোৱা নিজৰ কন্যাৰ সৈতে সম্পৰ্ক চ্ছেদ তথা পৰিত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিহালীৰ ৰাংছালী কাছকটা গাঁৱৰ এটি পৰিয়ালে। কন্যাগৰাকীৰ নিজ মাতৃ ভানু হাজৰিকাই এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰি কৰে ।
উল্লেখ্য যে যোৱাকালি শুকুৰবাৰে বিয়লি বিহালীৰ ৰাংছালী কাছকটা গাঁৱৰ নিৱাসী ভানু হাজৰিকাই সংবামেল সম্বোধন কৰি অৱগত কৰে যে-নিজৰ জ্যেষ্ঠ কন্যা কুঁহি হাজৰিকাই পৰিয়ালৰ অজ্ঞাতে যোৱা ইং-২৫ জুন তাৰিখে এজন ল’ৰা লগত বিবাহপাশত আৱদ্ধ হয়। সেয়েহে পৰিয়ালৰ সৰ্বসন্মতিক্ৰমে কুঁহি হাজৰিকাই ভৱিষ্যৎ দিনত স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ দাবী কৰিব নোৱাৰে বুলি আদালতৰ শপতনামাৰ যোগে ঘোষণা কৰে। আৰু ভৱিষ্যতৰ দিনত কন্যা কুঁহি হাজৰিকাৰ লগত কোনো যোগসূত্ৰ নাৰাখো বুলি মাতৃ ভানু হাজৰিকাই স্ব-জ্ঞানে অৱগত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
