নতুন দিল্লী, ২৮ জুন (হি.স.)। জামাইকাৰ এথলেটিকছ নেচনেল ট্ৰায়েলত পুৰুষৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি কিষানে থম্পছনে ইতিহাস ৰচনা কৰে। ২৩ বছৰীয়া থম্পছনে ৯.৭৫ ছেকেণ্ডৰ উজ্জ্বল সময় ৰেকৰ্ড কৰি ব্যক্তিগত শ্ৰেষ্ঠত্ব অৰ্জন কৰাই নহয়, ইতিহাসৰ ১০০ মিটাৰ দৌৰৰ ষষ্ঠজন দ্ৰুততম দৌৰবিদ হিচাপেও পৰিগণিত হৈছে।
এতিয়ালৈকে এই ইভেণ্টত থম্পছনতকৈ বেছি দ্ৰুত সময় ৰেকৰ্ড কৰিছে কেৱল উছেইন ব’ল্ট (৯.৫৮ ছেকেণ্ড), টাইছন গে আৰু যোহান ব্লেক (দুয়োজনেই ৯.৬৯ ছেকেণ্ড), আছাফা পাৱেলে (৯.৭২ ছেকেণ্ড) আৰু জাষ্টিন গেটলিনে (৯.৭৪ ছেকেণ্ড)।
১০০ মিটাৰ দৌৰৰ সৰ্বকালৰ শীৰ্ষ ১০ ৰ ভিতৰত অন্তৰ্ভুক্ত
১০০ মিটাৰ স্প্ৰিণ্টত ৯.৭৭ ছেকেণ্ডতকৈও কম সময় দৌৰা মহান দৌৰবিদৰ তালিকাত এতিয়া কিছানে থম্পছনৰ নাম অন্তৰ্ভুক্ত হৈছে। ২০২৪ চনৰ জুন মাহত স্থাপন কৰা নিজৰ অভিলেখ (৯.৭৭ ছেকেণ্ড) চেকেণ্ডৰ অভিলেখ ভংগ কৰি ২০২৫ চনৰ ছিজনত ১০০ মিটাৰ দৌৰত সৰ্বাধিক দ্ৰুত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় থম্পছনে।
অলিম্পিকৰ ৰূপৰ পদক বিজয়ীৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় খিতাপ দখল
এইটো মন কৰিবলগীয়া যে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ১০০ মিটাৰ ফাইনেলত থম্পছনে মাত্ৰ ০.০০৫ ছেকেণ্ডৰ ব্যৱধানত নোয়া লাইলছৰ হাতত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰাষ্ট্ৰীয় ট্ৰায়েলত এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ১০০ মিটাৰ ৰাষ্ট্ৰীয় খিতাপ দখল কৰে।
চেভিল আৰু ব্লেকৰ শক্তিশালী প্ৰদৰ্শন
এই দৌৰত অব্লিক চেভিলে হামষ্ট্ৰিং ষ্ট্ৰেইনৰ উদ্বেগ অতিক্ৰম কৰি ৯.৮৩ ছেকেণ্ডত দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে আকিম ব্লেকে ব্যক্তিগত শ্ৰেষ্ঠ সময় ৯.৮৮ ছেকেণ্ডত তৃতীয় স্থান দখল কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
