-ঝাৰখণ্ড, ছিকিম, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ মেগা আন্তঃগাঁথনি অভিযানৰ পৰ্যালোচনা
নতুন দিল্লী, ২৬ জুন (হি.স.)। শিল্প আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম, অসম আৰু নাগালেণ্ডৰ পাঁচখন ৰাজ্যৰ ১১টা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পক প্ৰভাৱিত কৰা ১৮টা বিষয়ৰ পৰ্যালোচনা কৰিছে।
বৃহস্পতিবাৰে বাণিজ্য আৰু উদ্যোগ বিভাগে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ডিপিআইআইটিৰ সচিব অমৰদ্বীপ ভাটিয়াৰ অধ্যক্ষতাত যোৱা ২৪ জুনত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু প্ৰকল্পৰ সমৰ্থকসকলে অংশগ্ৰহণ কৰে। এই পৰ্যালোচনা বৈঠকত ঝাৰখণ্ড ৰাজ্যৰ ১১টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ১৮টা বিষয় পৰ্যালোচনা কৰা হয়, য’ত সকলো প্ৰকল্পৰ মুঠ ব্যয় ৩৪,২১৩ কোটি টকাতকৈও অধিক।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ছিকিম ৰাজ্যৰ ০২টা প্ৰকল্পৰ ০২টা বিষয়ৰ বৈঠকত পৰ্যালোচনা কৰা হয়, যাৰ মুঠ ব্যয় হৈছে ৯৪৩.০৪ কোটি টকা। নাগালেণ্ড ৰাজ্যৰ ০২টা প্ৰকল্পৰ ০৩টা ইছ্যু পৰ্যালোচনা কৰা হয়, যাৰ মুঠ ব্যয় হৈছে ৫৪৪.৬৫ কোটি টকা। একে সময়তে অসম ৰাজ্যৰ ০১টা ইছ্যু আৰু ০১টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়, যাৰ মুঠ ব্যয় হৈছে ৬৭০০ কোটি টকা। ইয়াৰ উপৰিও অৰুণাচল ৰাজ্যৰ ০১টা ব্যক্তিগত প্ৰকল্পকে ধৰি ০৩টা প্ৰকল্পৰ ০৭টা বিষয় পৰ্যালোচনা কৰা হয়, যাৰ মুঠ ব্যয় হৈছে ৩৩,৪৬৯ কোটি টকা।
বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ঝাৰখণ্ড ৰাজ্যৰ সৈতে জড়িত পতৰাতু তাপ বিদ্যুৎ কেন্দ্ৰ সম্প্ৰসাৰণ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ এক বিস্তৃত পৰ্যালোচনা কৰা হয়। ইয়াত কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ১০০০ কোটি টকা ব্যয় সাপেক্ষে জিঅ’এনপ্ৰ’ পেট্ৰলিয়াম লিমিটেডৰ ব্যক্তিগত খণ্ডৰ প্ৰকল্পৰ সৈতে জড়িত বিষয়সমূহো পৰ্যালোচনা কৰা হয়। ডিপিআইআইটিৰ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰক এই বিষয়টোক অধিক অগ্ৰাধিকাৰ দি প্ৰকল্প সম্পৰ্কীয় সমস্যাসমূহৰ সময়মতে সমাধান নিশ্চিত কৰিবলৈ জিঅ’এনপ্ৰ’ক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ পৰামৰ্শ দিয়ে।
এই বৈঠকত প্ৰকল্প নিৰীক্ষণ গোট (পিএমজি)ৰ সহায়ত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্যিক কৰ্তৃপক্ষ আৰু প্ৰকল্প সমৰ্থকৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে জটিল সমস্যা সমাধান আৰু প্ৰকল্প ৰূপায়ণ ক্ষিপ্ৰতাৰে কৰাতো গুৰুত্ব আৰোপ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
