
বৰপেটা, ২৫ জুন (হি.স.): বজালী আৰক্ষীৰ জালত পৰিছে এজন পাকিস্তানী সমৰ্থক। ফেচবুকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপমানসূচক তথা আপত্তিজনক ভিডিঅ’ শ্বেয়াৰ কৰি মঙলবাৰে বিয়লি আটক হ’ল বজালী সৰুপেটাৰ এজন ব্যক্তি। অটকাধীন ব্যক্তিজন সানিকুৰা গাঁৱৰ চুলতান আলী বুলি পৰিচয় পোৱা গৈছে।
চুলতান আলীৰ নামত ফেচবুক একাউণ্টৰ পৰা বাংলাদেশৰ এটি ৰা জে ছাহিল ব্লগ নামৰ ফেচবুক পেজৰ পৰা প্ৰচাৰ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আপত্তিজনক ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত সন্নিৱিষ্ট কৰা হৈছিল পাকিস্তান আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। সম্প্রতি বজালী আৰক্ষীয়ে ব্যক্তি জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
