• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডছেৰ আগৰতলাৰ ছাই-এছটিচি ভ্ৰমণ
Sports

কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডছেৰ আগৰতলাৰ ছাই-এছটিচি ভ্ৰমণ

CliQ INDIA
Last updated: June 25, 2025 9:35 am
CliQ INDIA
Share
2 Min Read
SHARE

– উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘম্যাদী খেলুৱৈ বিকাশ আৰু ক্ৰীড়া সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ

আগৰতলা, ২৪ জুন (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খডছেয়ে মঙলবাৰে ত্ৰিপুৰা ভ্ৰমণ কৰে । তেওঁৰ ‘উত্তৰ-পূব যোগাযোগ সেতু’ কাৰ্যসূচীৰ অধীনত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ (এছ এ আই)ৰ দ্বাৰা পৰিচালিত ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ (এছ টি চি), আগৰতলালৈ আকস্মিকভাৱে ভ্ৰমণ কৰে। এই সময়ছোৱাত কেন্দ্ৰটোত উপলব্ধ প্ৰশিক্ষণৰ সুবিধা, প্ৰশিক্ষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু খেলুৱৈসকলৰ অগ্ৰগতি নিবিড়ভাৱে নিৰীক্ষণ কৰে।

ছাই-এছটিচি আগৰতলা বিশেষকৈ জিমনাষ্টিকছ প্ৰশিক্ষণৰ বাবে বিখ্যাত, য’ত নিৰ্বাচিত যুৱ খেলুৱৈসকলে নিবিড় প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ৰাজ্য চৰকাৰৰ সহযোগত স্থাপন কৰা এই কেন্দ্ৰটোক উত্তৰ-পূব ভাৰতৰ ক্ৰীড়া বিকাশৰ মেৰুদণ্ড হিচাপে দেখা যায়। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ প্ৰশিক্ষণৰ সঁজুলি, হোষ্টেলৰ সুবিধা, খাদ্যাভ্যাস, চিকিৎসা আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত সেৱাসমূহ পুংখানুপুংখভাৱে পৰিদৰ্শন কৰে।

লগতে খেলুৱৈসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ সপোন, প্ৰত্যাহ্বান আৰু আকাংক্ষা জানিবলৈ চেষ্টা কৰে মন্ত্ৰীগৰাকীয়ে। বহু যুৱ খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ উচ্চাকাংক্ষাৰ কথা ব্যক্ত কৰে। এই সন্দৰ্ভত আৱেগিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী খডছে কয়, “এই যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ এক উজ্জ্বল ভৱিষ্যত আছে। কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ সফলতাৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ।”

তেওঁ ক্ৰীড়া খণ্ডক দেশৰ দীৰ্ঘম্যাদী উন্নয়নৰ লক্ষ্য ‘ভাৰত @ ২০৪৭’ৰ অন্তৰ্গত এটা ডাঙৰ স্তম্ভ বুলি অভিহিত কৰি কয় যে এছ এ আই কেন্দ্ৰৰ জৰিয়তে খেলুৱৈসকলক তৃণমূল পৰ্যায়ৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চ বিশেষকৈ ২০২৮ আৰু ২০৩২ চনৰ অলিম্পিকৰ বাবে সাজু কৰা হৈছে।

ভ্ৰমণৰ শেষত মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলৰ বিজ্ঞান আৰু ক্ৰীড়াৰ প্ৰতি থকা উদ্যম, প্ৰতিভা আৰু উৎসাহক প্ৰশংসা কৰে। তেওঁ কয়, “উত্তৰ-পূব ভাৰত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ মেৰুদণ্ড কেৱল ভৌগোলিকভাৱে নহয়, মানৱ সম্পদ, দক্ষতা আৰু শক্তিৰ ক্ষেত্ৰতো।” লগতে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ এই প্ৰচেষ্টাত সকলো ধৰণৰ সহযোগিতা আৰু সমৰ্থন আগবঢ়াই যাব বুলিও আশ্বাস দিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে বেংগালুৰুৰ পৰা ৰাওনা ভাৰতীয় ক্ৰিকেট দল
নৱেম্বৰৰ আইচিচিৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হাৰ্মাৰ আৰু শ্বেফালী বৰ্মা
ভাৰত ভ্ৰমণৰ বাবে ঘোষিত দক্ষিণ আফ্ৰিকাৰ ‘এ’ দল, দ্বিতীয় বেচৰকাৰী টেষ্টত বাভুমাৰ প্ৰত্যাবৰ্তন
কোকৰাঝাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া নৰ্থ ইষ্ট জ'নৰ মহিলা উ-ছু লীগ
বিশ্ব ৰেংকিঙত নীৰজ চোপ্ৰাৰ পুনৰ শীৰ্ষস্থান দখল, চতুৰ্থ স্থানত আৰ্ছাদ নাদীম

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অম্বুবাচী মহাযোগ– কামাখ্যা ধামত লোকে লোকাৰণ্য
Next Article বজালী আৰক্ষীৰ জালত এজন পাকিস্তানী সমৰ্থক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?