ইম্ফল, ১০ ফেব্ৰুৱাৰী : মণিপুৰত অশান্তি বিয়পোৱা উগ্ৰপন্থীক ধাৰাবাহিকভাৱে গ্ৰেপ্তাৰ কৰি থকা হৈছে। ইম্ফল পশ্চিম জিলাৰ বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউ পি পি কেৰ তিনি সক্ৰিয় কেডাৰক।
আৰক্ষীয়ে জনোৱা মতে, ধৃত কেডাৰ কেইজন বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ধন দাবীৰ লগত জড়িত আছিল। তেওঁলোকৰ হাতৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰীও জব্দ কৰা হয়। এটা গোচৰ ৰুজু কৰি অধিক তদন্তৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে।
