হোজাই, ২৩ জুন (হি.স.)। হোজাই জিলাৰ লংকাৰ কাকীত দেখা গৈছে এক বিৰল প্ৰজাতিৰ আম । যিটো প্ৰজাতিৰ আমৰ প্ৰতিকেজি মুল্য গুগলৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ২ লাখ ৭০ হাজাৰ টকা। শুনি আচৰিত লাগিলেও কিন্তু এয়াই সত্য। লংকাৰ কাকীৰ শত্ৰুঘ্ন মুখীয়া নামৰ এগৰাকী চি আৰ পি এফৰ জোৱানে কৰিছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল মিয়াজাকি মেঙ্গ নামৰ আমবিধৰ খেতি।
মিয়াজাকি আম, যাক egg of the sun অৰ্থাৎসূৰ্য্যৰ কণী বুলিও কোৱা হয়, এইবিধ জাপানৰ পৰা অহা এক বিৰল, ব্যয়বহুল প্ৰজাতিৰ আম। এই আম বিধৰ স্বকীয় ৰঙা ৰং আৰু উচ্চ চেনিৰ পৰিমাণৰ বাবে জনাজাত। আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক মূল্য লাভ কৰি বিশ্বৰ আটাইতকৈ দামী আমৰ ভিতৰত এবিধ। ১৯৮৪ চনত জাপানৰ মিয়াজাকি চহৰত এই আম বিধৰ খেতি কৰা হয় যাৰ বাবে এই আমবিধক মিয়াজাকি মেংগ বুলিও কোৱা হয়।
সাধাৰণ হালধীয়া বা সেউজীয়া আমৰ তুলনাত এই মিয়াজাকি আম পকিলে সজীৱ ৰঙা হৈ পৰে । এই মিয়াজাকি আমৰ বাবে প্ৰচুৰ পৰিমাণৰ সূৰ্যৰ পোহৰ, উষ্ণ বতৰ, আৰু পৰ্যাপ্ত বৰষুণৰ প্ৰয়োজন হয়। আনহাতে আমলখিৰ দৰে মিয়াজাকি আমতো প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, বিটা-কেৰটিন, আৰু ফলিক এচিডৰে সমৃদ্ধ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
