কাছাৰ, কাছাৰত জব্দ কৰা হৈছে প্ৰায় ২১০ কোটি টকাৰ হেৰোইন। যোৱা নিশা কাছাৰ আৰক্ষী আৰু এচটিএফৰ যুটিয়া অভিযানত এই বৃহৎ সফলতা লাভ কৰে।
এচটিএফৰ চীফ আইজিপি পাৰ্থসাৰথিৰ নেতৃত্বত কাছাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান । কাছাৰৰ শিলডুবিত শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত মিজোৰামৰ ৰেজিষ্ট্ৰেচনৰ এখন ব্ৰিজাৰ বাহনত তালাচী চলাই ২১ কেজি হেৰোইনৱ জব্দ কৰিলে আৰক্ষীয়ে। লগতে মিজোৰাম লালডুম্বা নামৰ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
