বেংকক, ম্যানমাৰৰ মূল গণতন্ত্ৰ সমৰ্থক প্ৰতিৰোধী গোটে বৃহস্পতিবাৰে দাবী কৰে যে তেওঁলোকৰ সশস্ত্ৰ ইউনিটে ৰাজধানী নাইপিটাভৰ এটা বিমানবন্দৰ আৰু এটা সামৰিক মুখ্য কাৰ্যালয়ত ড্ৰ’ন আক্ৰমণ চলাইছিল। শাসকীয় সেনাই ড্ৰ’নখন ধ্বংস কৰা বুলি জানিবলৈ দিয়ে।
বিৰোধী দল ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে জনপ্ৰতিৰক্ষা বাহিনীৰ বিশেষ ইউনিটে ড্ৰ’ন ব্যৱহাৰ কৰি একেলগে এই আক্ৰমণ সংঘটিত কৰিছিল। এন ইউ জিৰ সংক্ষিপ্ত ৰূপৰে পৰিচিত এই গোটটোৱে নিজকে দেশৰ বৈধ চৰকাৰ বুলি কোৱাৰ বিপৰীতে জন প্ৰতিৰক্ষা বাহিনী কেইবাটাও বৃহৎ পৰিমাণে স্বায়ত্তশাসিত স্থানীয় প্ৰতিৰোধ গোটেৰে গঠিত।
এন ইউ জিৰ মতে এই ঘটনাত হতাহতিৰ খবৰ পোৱা গৈছে । সেনাই ৭ খন ড্ৰ’ন ভূপাতিত কৰাৰ লগতে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই বুলি জানিবলৈ দিয়ে। আক্ৰমণৰ অধিকাংশ সবিশেষ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাটো সম্ভৱ নহয়।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত আং ছান ছু কিৰ অসামৰিক চৰকাৰ পৰা সেনাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰত অস্থিৰতা বিৰাজ কৰিছে। এই ঘটনাৰ পিছত দেশজুৰি শান্তিপূৰ্ণ প্ৰতিবাদৰ সূচনা হৈছিল, যিবোৰ নিৰাপত্তা বাহিনীয়ে বলপূৰ্বকভাৱে দমন কৰে, যাৰ ফলত গৃহযুদ্ধৰ সমান সশস্ত্ৰ প্ৰতিৰোধৰ সৃষ্টি হয়।
