শিৱসাগৰ,।আমগুৰিৰ নামতিত কালি নিশা সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা ।নামতিৰ মাইগুৰি চেতিয়া গাঁৱত গেছ পৰিবাহী পাইপ ফুটি গেছ নিৰ্গত হয়। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ।
নামতিৰ মাইগুৰি চেতিয়া গাঁৱত কেইজনমান যুৱকে জে.চি.বি.ৰে মাটি খন্দাৰ ফলত আকস্মিকভাৱে গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় গেছ। স্থানীয় দুজনমান সঁচেতন ব্যক্তিয়ে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত তিনিখন কৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি নিৰ্গত হোৱা গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ফলত এক ভংয়কৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে বৃহত্তৰ নামতি অঞ্চলটো। ঘটনাস্থলীত নামতি আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
