শোণিতপুৰ, ১৭ মাৰ্চ। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰদ্ধে লাভ কৰিছে বৃহৎ সাফল্য। নিশা জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অবৈধ লোকেল চুলাই-মদ জব্দ কৰে।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত প্ৰায় ১০ হাজাৰ লিটাৰ অবৈধ চুলাই- মদৰ লগতে অৰুণাচলী সুৰাৰ বটল জব্দ কৰি নষ্ট কৰি দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে জামুগুৰিহাটত দিনে নিশাই চলি থকা আৰক্ষীৰ এই অভিযানক সচেতন মহলে সলাগ লোৱা দেখা গৈছে।
