নতুন দিল্লী, ১৭ মাৰ্চ । জলদস্যুৰ বিৰুদ্ধে পুনৰবাৰ বৃহৎ সফলতা অৰ্জন কৰিছে ভাৰতীয় নৌসেনাই। ভাৰতীয় যুদ্ধ জাহাজ আই এন এছ কলকাতাই আৰব সাগৰত অপহৰণ কৰা জাহাজত থকা ৩৫ জন জলদস্যু আটাইকেইটাকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। ভাৰতীয় নৌসেনাৰ এই অভিযান প্ৰায় ৪০ ঘণ্টা ধৰি চলিছিল।
এই অভিযানৰ সৈতে জড়িত তথ্য ভাৰতীয় নৌসেনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে। য’ত কোৱা হৈছে যে আই এন এছ কলকাতাই ভাৰতৰ উপকূলৰ পৰা প্ৰায় ২৬০০ কিলোমিটাৰ দূৰত্বত থকা জলদস্যু জাহাজ ৰ’ৱেনক ঘেৰি ধৰিছিল। এই অভিযানত ভাৰতীয় নৌসেনাৰ মাৰ্কছ কমাণ্ডোক আই এন এছ সুভদ্ৰা আৰু চি ১৭ বিমানৰ পৰা সামুদ্ৰিক টহলদাৰী বিমানৰ সৈতে জাহাজখনত অৱতৰণ কৰা হয়। এই যৌথ প্ৰচেষ্টাই জলদস্যু জাহাজখন বন্ধ কৰাত সফল হৈছিল। ততাতৈয়াকৈ আত্মসমৰ্পণ কৰি পণবন্দীসকলক মুকলি কৰি দিবলৈ কয় ডকাইতৰ দলটোক। অপহৃত জাহাজ এম ভি ৰ’ৱেনৰ ১৭ জন ক্ৰু সদস্যক ৪০ ঘণ্টীয়া অভিযানত নিৰাপদে উদ্ধাৰ কৰা হয়।
আটাইকেইজন জলদস্যু ছোমালিয়াৰ আৰু এই জলদস্যুসকলে সাগৰত এম ভি ৰ’ৱেন জাহাজখন হাইজেক কৰিছিল। ১৫ মাৰ্চত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজে ইয়াক খেদি ফুৰিছিল আৰু ইয়াৰ সময়ত অপহৰণ কৰা জাহাজখনৰ পৰা গুলীচালনা কৰা হৈছিল। ভাৰতীয় যুদ্ধজাহাজখনেও আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি প্ৰতিশোধ লয়।
ইয়াৰ পূৰ্বেও ভাৰতীয় নৌসেনাই সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ উৎকৃষ্ট সামৰ্থ্য অহৰহ প্ৰদৰ্শন কৰি বহু সফলতা অৰ্জন কৰিছে। চলিত মাহৰ আৰম্ভণিতে ছোমালিয়াৰ পূব উপকূলত ১১ জন ইৰাণী আৰু ৮ জন পাকিস্তানী নাগৰিকৰ দল কঢ়িয়াই অনা জাহাজত ডকাইতিৰ চেষ্টা বিফল হৈছিল। আনহাতে জানুৱাৰী মাহত ছোমালিয়াৰ পূব উপকূলত জলদস্যুৰ আক্ৰমণত ভাৰতীয় যুদ্ধজাহাজ আই এন এছ সুমিত্ৰাই ইৰাণৰ পতাকা থকা জাহাজখনৰ ১৯ জন পাকিস্তানী ক্ৰুক উদ্ধাৰ কৰিছিল। যোৱা ০৫ জানুৱাৰীত উত্তৰ আৰব সাগৰত লাইবেৰিয়াৰ পতাকাযুক্ত জাহাজ এম ভি লিলা নোৰফোক হাইজেক কৰাৰ প্ৰচেষ্টা নৌসেনাই বিফল কৰিছিল।
