–কেতিয়া পাব হিতাধিকাৰীয়ে আইটিডিপিৰ যন্ত্ৰ – পাতি ?
কোকৰাঝাৰ, ১০ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰত হাবিয়ে-জংঘলে ছানি ধৰিছে জনজাতীয় হিতাধীকাৰীৰ বাবে প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আইটিডিপি বিভাগে যোগান ধৰা কোটি কোটি টকাৰ যন্ত্ৰ -পাতি ৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত বিটিচিৰ তিনিখন জিলাৰ লগতে ৰাজ্যখনৰ দহখন জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ আত্ম সহায়ক গোট সমূহৰ মাজত বিতৰণৰ বাবে ধান মৰণা মাৰা যন্ত্ৰ, সৰিয়হৰ পৰা তেল পেৰা যন্ত্ৰ, আটা, হালধি গুড়ি কৰা যন্ত্ৰ, সৌৰ চালিত পানী উত্তোলক যন্ত্ৰ আদি যোগান ধৰা হৈছিল ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে আইটিডিপি বিভাগে যোগান ধৰা উক্ত যন্ত্ৰ-পাতিৰ অধিকাংশ মুকলি আকাশৰ তলত ৰ’দ, বৰষুণত তিতি-বুৰি জহি-খহি গৈছে ৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ছয়টা উন্নয়ন খণ্ডৰ অধীনস্থ ১৩৮ খন গাঁৱৰ ২৭৬ টা জনজাতীয় আত্ম-সহায়ক গোটসমূহৰ মাজত বহুদিন আগতে উক্ত সামগ্ৰীসমূহ বিতৰণ কৰিব লাগিছিল যদিও বিভাগীয় গাফিলতিৰ বাবে যন্ত্ৰ – পাতি সমূহ আজিলৈ বিতৰণ কৰা হোৱা নাই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
