যোৰহাট। দুৰ্নিটিৰ অভিযোগত যোৰহাট কোষাগাৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ সহকাৰী গাণনিকক আজি ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখা সঞ্চালকালয়ৰ বিষয়াই গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা সঞ্চালকালয়ে এখন এজাহাৰ লাভ কৰিছিল যে জিলা যোৰহাটৰ কোষাগাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী গাণনিক মুনমুন সেনে অভিযোগকাৰীৰ পৰা দুই হাজাৰ টকা দাবী কৰিছিল। পে বিল প্ৰক্ৰিয়াকৰণৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ হিচাপে উল্লেখিত পৰিমাণৰ টকা দাবী কৰি হাৰাসাস্তি কৰিছিল। উৎকোচ দিবলৈ অনিচ্ছুক হৈ অভিযোগকাৰীয়ে ওপৰত উল্লেখ কৰা ৰাজহুৱা সেৱকজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে এই সঞ্চালকালয়ত অভিযোগ দাখিল কৰে।
সেই অনুসৰি আজি ১৪ মাৰ্চ তাৰিখে ৰাজ্যৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা সঞ্চালকালয়ৰ এটা দলে যোৰহাটৰ কোষাগাৰ কাৰ্যালয়ত অভিযুক্তক কৰায়ত্ব কৰিবলৈ এক জাল পাতে। অভিযুক্ত গৰাকীক অভিযোগকাৰীৰ পৰা উৎকোচ দাবী কৰা অনুসৰি দুহাজাৰ টকা কাৰ্যালয়ত ঘোচ লৈ থকা সময়ত হাতেলোতে ধৰা পৰে। অভিযুক্ত গৰাকীৰ জিম্মাৰ পৰা উৎকোচৰ ধন উদ্ধাৰ কৰা হৈছে আৰু সেই অনুসৰি জব্দ কৰা হৈছে, স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত। এই সন্দৰ্ভত এচিবি থানাত গোচৰ নং ২৩/২০২৪, দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ধাৰা ৭(ক)ৰ অধীনত ওপৰত উল্লেখিত ৰাজহুৱা কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ বিচাৰি ওপৰত উল্লেখ কৰা গোচৰটোৰ সৈতে জড়িত হৈ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
