নলবাৰী, ১৪ ডিচেম্বৰ (হি.স.)। নলবাৰীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নিযুক্তি পত্ৰ বিতৰণৰ লগতে সখি সকলক স্কুটি আৰু ড° বানীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান৷ আজি এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী৷
আজি উক্ত অনুষ্ঠানত ১৭৬ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷আনহাতে ৬৫ গৰাকী সখিক স্কুটি বিতৰণ কৰাৰ লগতে বানীকান্ত কাকতি মেধাৰ বঁটাৰ জৰিয়তে ধমধমা হাইস্কুলৰ ছাত্ৰীক আজি স্কুটি বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে৷
ইপিনে আজি নিযুক্তি পত্ৰ লাভ কৰি এগৰাকী শিক্ষয়ত্ৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জনাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সময়ত স্বচ্ছ আৰু নিকা নিযুক্তি পত্ৰ লাভ কৰি আনন্দিত৷ আৰু এয়া সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পত্ৰ লাভ কৰা হৈছে বুলি নৱ নিযুক্তিপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকীয়েও প্ৰসংগত মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
