ৱাশ্বিংটন/নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী : তথ্য প্ৰযুক্তি কোম্পানী ইনফ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) তথা পৰিচালন সঞ্চালক সলিল পাৰেখে আমেৰিকা-ইণ্ডিয়া ষ্ট্ৰেটেজিক এণ্ড পাৰ্টনাৰশ্বিপ ফ’ৰাম (ইউএছআইএছপিএফ)ত পৰিচালনা সমিতিৰ সদস্য হিচাপে যোগদান কৰিছে।
ইউএছআইএছপিএফৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া মুকেশ আঘিয়ে শুকুৰবাৰে এক্স-পোষ্টত কয় যে শেহতীয়াকৈ ইউএছআইএছপিএফৰ ব’ৰ্ডত যোগদান কৰা সলিল পাৰেখে বছৰ বছৰ ধৰি আমেৰিকাত ভাৰতীয় আইটি বিদ্বানৰ সফলতাৰ কাহিনীক দৰ্শইছে। ইনফ’ছিছ ভাৰতৰ এটা ডাঙৰ নাম।
আমেৰিকালৈ ভাৰতৰ পৰা বৃহৎ ৰপ্তানিৰ অন্যতম হৈছে আই টি সেৱা। দেশৰ দ্বিতীয় বৃহত্তম আই টি কোম্পানী ইনফ’ছিছৰ চিইঅ’ সলিল পাৰেখৰ আই টি সেৱা উদ্যোগত প্ৰায় তিনি দশকৰ অভিজ্ঞতা আছে। উল্লেখযোগ্য যে ইনফ’ছিছ লিমিটেড হৈছে বহুজাতিক তথ্য প্ৰযুক্তি সেৱা প্ৰদানকাৰী কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় বেংগালুৰুত। ই দেশৰ দ্বিতীয় বৃহত্তম আই টি কোম্পানী।
