বলীউডৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন নিজৰ স্পষ্টবাদী স্বভাৱৰ বাবে পৰিচিত। অভিনয়ৰ উপৰিও জয়া বচ্চন প্ৰায়ে ব্যক্তিগত জীৱনৰ বাবে শিৰোনামত থাকে। শেহতীয়াকৈ জয়া বচ্চনৰ কন্যা শ্বেতা বচ্চন নন্দৰ সৈতে নাতিনী নব্য নভেলী নন্দৰ প’ডকাষ্ট শ্ব’ত দেখা গৈছিল। শেহতীয়াকৈ মুক্তি পালে নব্যৰ ৱাট দ্য হেল নব্যৰ দ্বিতীয় ছিজন।
এই প’ডকাষ্টত জয়া বচ্চন, শ্বেতা বচ্চন আৰু নব্য বহু বিষয়ত কথা পাতিছে। শ্ব’টোত লিংগ সমতাৰ ওপৰত মন্তব্য কৰা হৈছিল। ইয়াৰ উপৰিও জয়া বচ্চনে পুৰুষ প্ৰধান ক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা অসুবিধাৰ বিষয়েও মন্তব্য কৰে। এই সময়ত মন্তব্য দিওঁতে জয়া বচ্চনে কয় যে তেওঁ অভিনয়ৰ ক্ষেত্ৰত নহয়, সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল, কিন্তু সমাজৰ মানুহৰ ভুল চিন্তাধাৰা আৰু পুৰুষৰ মাজত হোৱা বৈষম্যৰ বাবে জয়া বচ্চনৰ এই সপোন অপূৰ্ণ হৈয়েই থাকিল।
জয়া বচ্চনে কয়, ‘আজিও মনত আছে যে মই সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিলো, কিন্তু নাপালোঁ, যাৰ বাবে মই বহুত হতাশ হৈ পৰিলোঁ। সেই সময়ত মহিলাসকলক কেৱল নাৰ্ছ হিচাপেহে সেনাবাহিনীত নিযুক্তি দিয়া হৈছিল। অভিনয়তকৈ সেনাবাহিনীত যোগদানৰ প্ৰতি মোৰ আগ্ৰহ বেছি আছিল। জয়া বচ্চনৰ এই বক্তব্যৰ প্ৰতিধ্বনি দি শ্বেতা বচ্চনেও পুৰুষ-মহিলাৰ মাজত হোৱা বৈষম্যৰ ওপৰত মন্তব্য কৰে।
কিন্তু এতিয়া ছবিখন সলনি হৈছে, এতিয়া গাড়ীত বহি থকা এজন পুৰুষ আৰু গাড়ী চলোৱা এগৰাকী মহিলাৰ ছবিখন অতি সাধাৰণ বুলি গণ্য কৰা হৈছে। শ্বেতা বচ্চনেও এই মন্তব্য কৰে। যোৱা বছৰ কৰণ জোহৰৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি ছবিত দেখা গৈছিল জয়া বচ্চনক। এই ছবিখনত পুৰুষ আৰু মহিলাৰ সমতাৰ ওপৰতো ভাল মন্তব্য আছিল। ইয়াৰ উপৰিও শেহতীয়াকৈ জয়া বচ্চনে তেওঁৰ নেট ৱৰ্থৰ বিষয়ে প্ৰকাশ কৰিছিল, যাৰ ফলত তেওঁক লাইমলাইটলৈ আনিছিল। অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ মুঠ সম্পত্তি ১৫৭৮ কোটি টকা।
