যোৰহাট, ২৩ জানুৱাৰী (হি স)। যোৰহাট জিলাৰ মৰিয়নিত সোমবাৰে নিশা এক হত্যাকাণ্ড সংঘটিত হয়। ডকলঙীয়া চাহ বাগিছাৰ বৰলাইনত সংঘটিত হয় এই হত্যাকাণ্ড।
প্ৰাপ্ত তথ্য়মতে, কাৰ্তিক তেলী(২৫) নামৰ যুৱকজনক ঘৰৰ সমীপতে চুৰিৰে আক্ৰমন কৰে দুৰ্বৃত্তই।গুৰুত্বভাৱে আহত যুৱক জনক জেএমচিএইচত ভৰ্তী কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
