নগাঁও, ০৮ নৱেম্বৰ (হি.স.): নগাঁৱৰ কঠিয়াতলীত যোৱাকালি নিশা গাড়ী চোৰ আটক কৰা হয় ৷ কঠিয়াতলী আৰক্ষীৰ দৈনিক তালাচীত ধৰা পৰে দুটা গাড়ী চোৰ ৷ এখন স্কুটী সহ দুটা চোৰক গ্ৰেপ্তাৰ কৰা হয় ৷
ধৃত চোৰ দুটা চামগুৰিৰ প্ৰবিত্ৰ দাস আৰু আমনিৰ ৰমেশ দাস বুলি পৰিচয় পোৱা গৈছে ৷ চুৰি স্কুটী খনৰ নম্বৰ এএছ ০২ এএইচ ৯৮০৪ বুলি জানিব পৰা গৈছে। ধৃত চোৰ দুটাক বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
