ৰি-ভই (মেঘালয়), ২২ জানুৱাৰী (হি.স.)। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে মণিপুৰৰ পৰা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰম্ভ কৰাৰ আঁৰৰ তেওঁৰ উদ্দেশ্য হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ প্ৰতি দেশৰ দৃষ্টি আকৰ্ষণ কৰা। এই ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি মেঘালয়ৰ ৰি-ভয়ত এক সভাত ভাষণ দিয়ে। মণিপুৰত চলি থকা সংকটৰ বাবে তেওঁ বিজেপি আৰু আৰএছএছক জগৰীয়া কৰি আৰএছএছ আৰু বিজেপিৰ মতাদৰ্শই মণিপুৰৰ ধাৰণাক ধ্বংস কৰি পেলাইছে বুলি অভিযোগ উত্থাপন কৰে। ঘৃণা আৰু হিংসাৰ ৰাজনীতিয়ে ৰাজ্যখনক ছিন্নভিন্ন কৰি পেলাইছে, যাৰ ফলত শ শ লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোকে সম্পত্তি হেৰুৱাইছে। এয়া এক ডাঙৰ ট্ৰেজেডী। মণিপুৰৰ জনসাধাৰণৰ বেদনাৰ বিষয়ে ভাৰতৰ বাকী দেশলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে।
ৰাহুল গান্ধীয়ে কয় যে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰলৈ যোৱা নাই। তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এতিয়াও মণিপুৰ ভ্ৰমণ নকৰাটো তেওঁৰ বাবে আশ্চৰ্যজনক। মণিপুৰ ভাৰতীয় ৰাজ্য নহয় নেকি? মণিপুৰৰ জনসাধাৰণ ভাৰতৰ অংগ নহয় নেকি? যদি প্ৰধানমন্ত্ৰীয়ে মণিপুৰত হিংসা বন্ধ কৰিব বিচাৰে তেন্তে তিনিদিনৰ ভিতৰতে কৰিব পাৰে। মণিপুৰত হিংসাৰ অন্ত পেলাবলৈ প্ৰধানমন্ত্ৰী আগ্ৰহী নহয় বুলি অভিযোগ উত্থাপন কৰে।
উল্লেখযোগ্য যে অসমৰ নগাঁও জিলাৰ বটাদ্ৰৱা থানাত প্ৰৱেশৰ অনুমতি নোপোৱাৰ পিছত আজি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজি মেঘালয়ত প্ৰৱেশ কৰে।
হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/মনোজ
