গোলাঘাট, ২২ জানুৱাৰী (হি স)।.অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত গোলাঘাট নগৰত বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়। মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত বহু শতাধিক লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ গোলাঘাট নগৰ ৷
গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা বাহিৰ কৰা বিশাল শোভাযাত্ৰাত পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
