
বিশ্বনাথ, ০৫ জানুৱাৰী (হি স)। ৰাজ্যজুৰি আজি স্তব্ধ হৈ পৰিছে বাণিজ্যিক বাহনৰ চলাচল । পুৱা ৫ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ আছে যাত্ৰীবাহী গাড়ীৰ চলাচল। মটৰ শ্ৰমিক সংগঠনৰ ৪৮ ঘণ্টীয়া বন্ধত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । গহপুৰতো ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।
গাড়ী চালক সকল পুৱাই ওলাই আহিছে ৰাজপথলৈ। বন্ধ নমনা গাড়ী সমূহ ৰখোৱাৰ চেষ্টা কৰিছে যদিও আৰক্ষীয়ে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
