আইজল, ০৫ জানুৱাৰী (হি.স.)। মিজোৰামত আজি পুৱা ৭:১৮ বজাত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। বৰ্তমান ভূমিকম্পৰ ফলত হোৱা কোনো ধৰণৰ ক্ষতিৰ কোনো তথ্য পোৱা নাই। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই এই তথ্য প্ৰদান কৰে।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মিজোৰামৰ লুংলেই অঞ্চল। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৫ বুলি অভিহিত কৰা হৈছে। ত্ৰিপুৰাৰ একাংশ অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ইয়াৰ লগতে চুবুৰীয়া দেশ ম্যানমাৰৰ কিছুমান ঠাইতো মানুহে এই ভূমিকম্প অনুভৱ কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
