
কাৰ্বি আংলং, ২৩ নৱেম্বৰ (হি স)। শ্ৰী কৃষ্ণৰ ৰাস লীলালৈ মাজতো মাত্ৰ কেইটামান দিন বাকী ৷ সম্প্ৰতি ভক্তি ৰসেৰে বুৰ গৈছে কাৰ্বি আংলঙৰ বকলীয়াঘাট ৷ প্ৰভূ ভগৱন্তৰ গুনানু কীৰ্তণ আৰু নৃত্য গীতেৰে মুখৰ হৈ পৰিছে ৰাস লীলাৰ আখৰাস্থলী ৷
উল্লেখ্য় যে অহা ২৭ তাৰিখে বকলীয়াঘাট শ্ৰীমন্ত শংকৰদেৱ সংঘ, বকলীয়াঘআট আঞ্চলিক শাখাৰ নামঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হ’ব শ্ৰী কৃষ্ণৰ ৰাস লীলা ৷ ইতিমধ্যে গাঁৱৰ যুৱতী সকলে ৰাসৰ অন্তিম আখৰাত ভাগ লৈ ৰাসলৈ প্ৰস্তুতি প্ৰায় তুঙ্গত ৰাখিছে ৷ সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে আয়োজক সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
