উত্তৰকাশী, ২৩ নৱেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকায়ৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে যুদ্ধস্তৰ ভিত্তিত অব্যাহত আছে উদ্ধাৰ অভিযান। যোৱাকালি বুধবাৰে নিশাই উদ্ধাৰকাৰী দলটোৱে সফলতা লাভ কৰিছিল যদিও সুৰংগটোৰ শেষৰটো পাইপটোৰ প্ৰায় তিনি ফুট অলপ বেঁকা হৈ পৰিছিল, ইয়াক কাটি পেলোৱাৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ পিছত ৮০০ মিলিমিটাৰ পাইপ সঠিক প্ৰান্তিককৰণৰ ভিত্তিত ঠেলি দিব লাগিব।
সুৰংগটোৰ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ পিছত জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো প্ৰস্তুতি চূড়ান্ত কৰিছে। সুৰংগটোৰ বাহিৰতো বৃহৎ সংখ্যক এম্বুলেন্সো উপস্থিত আছে। ইয়াৰ লগতে চিকিৎসা দল আৰু অন্যান্য সহায়ক কৰ্মীও নিয়োগ কৰা হৈছে।
এয়াৰলিফ্টৰ বাবেও প্ৰস্তুতি –
উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকায়ৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিক শীঘ্ৰে ওলাই অহাৰ আশা কৰা হৈছে। আমেৰিকাৰ অগাৰ মেচিনে সুৰংগটোৰ প্ৰৱেশ বিন্দুৰ পৰা সমগ্ৰ ৬০ মিটাৰ দূৰত্বত ড্ৰিলিং কৰিছে। শেষৰ ৮০০ মিলিমিটাৰ (প্ৰায় ৩২ ইঞ্চি) পাইপটো সুৰংগটোৰ ভিতৰত সুমুৱাই দিয়া হৈছে।
তথ্য অনুসৰি চিনুক হেলিকপ্টাৰ চিনিয়ালিছাউৰ বিমানবন্দৰত অৱতৰণ কৰিব। শ্ৰমিকক এয়াৰলিফ্টৰ প্ৰয়োজন হ’লে ব্যৱহাৰ কৰা হ’ব। আনহাতে, ঋষিকেশত অৱস্থিত এইমছ চিকিৎসালয়তো সতৰ্ক কৰি ৰখা হৈছে।
উদ্ধাৰ অভিযানত নিয়োজিত এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু অন্যান্য পেৰামেডিকেল দল প্ৰচণ্ড শীতৰ মাজতো গোটেই নিশাটো সুৰংগৰ বাহিৰত অতীন্দ্ৰ প্ৰহৰী হৈ ৰয় । তীব্ৰ ঠাণ্ডাৰ মাজত উদ্ধাৰকাৰী দলটোৱে জুই জ্বলাই উত্তাপ লোৱাৰ চেষ্টা কৰে।
ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুধবাৰৰ পৰা উত্তৰকাশীত শিবিৰ পাতি যোৱা ১২ দিন সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক বাহিৰলৈ উলিয়াই অনাৰ বাবে উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে।
হিন্দুস্থান সমাচাৰ / চিৰঞ্জীৱ চেমৱাল /মনোজ
