দৰং, ১৮ নৱেম্বৰ (হি.স.)। আজি যুৱপ্ৰজন্ম হাৰ্টথ্ৰব কণ্ঠ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। মঙ্গলদৈত জুবিন ফেনক্লাবে উদযাপন কৰে জনপ্ৰিয় শিল্পীগৰাকীৰ ওপজা দিন।
মঙ্গলদৈ বাণিজ্যিক মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে যুৱ প্ৰজন্ম হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন। বিশেষকৈ ৰক্তদানেৰে আৰম্ভ কৰিছে এই অনুষ্ঠান। জুবিন ফ্ৰেনক্লাবৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই আজি ৰক্ত দান কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে পিতা পুত্ৰই একেলগে কৰিলে ৰক্ত দান।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
