নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। মঙলবাৰে পুৱা দিল্লী-এনচিআৰত প্ৰদূষণৰ মাত্ৰা সামান্য হ্ৰাস পাইছে। বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০০ৰ তলত ৰেকৰ্ড কৰা হৈছে। অৰ্থাৎ আজিৰ প্ৰদূষণৰ মাত্ৰা গুৰুতৰ শ্ৰেণীৰ পৰা অতি দুৰ্বল শ্ৰেণীলৈ ৰেকৰ্ড কৰা হৈছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীখনত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৯৪ত ৰেকৰ্ড হোৱাৰ বিপৰীতে সোমবাৰে একিউআই ৪২১ত ৰেকৰ্ড কৰা হৈছে। আনহাতে এনচিআৰ অঞ্চলত গুৰুগ্ৰামত ৩৬৪, ফৰিদাবাদত ৩৮২, গাজিয়াবাদত ৩৩৮, নয়ডাত ৩৪৮, গ্ৰেটাৰ নয়দাত ৪৩৯ একিউআই ৰেকৰ্ড কৰা হৈছে।
পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ তথ্য অনুসৰি দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বায়ুৰ গুণাগুণ আৰু পাঁচৰ পৰা ছয় দিনলৈ ভয়াৱহ হৈ থকাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে দিল্লী-এনচিআৰৰ বাবে বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ চতুৰ্থ পৰ্যায়ৰ অধীনত অৰ্থাৎ গ্ৰেডেড ৰেচপন্স একচন প্লেন চমুকৈ গ্ৰেপৰ অধীনত প্ৰয়োজনীয় সকলো কঠোৰ বাধা দিল্লীতো কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অধীনত চৰকাৰে ১০ নৱেম্বৰলৈকে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু ১৩ নৱেম্বৰৰ পৰা যুগ্ম-অযুগ্ম ব্যৱস্থা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
