নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। আজি (দেওবাৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব। পুৱা ১১ বজাত টেলিকাষ্ট হ’ব ‘মন কি বাত’। আজি ‘মন কি বাত’ অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড। ‘মন কি বাত’ অল ইণ্ডিয়া ৰেডিঅ’ত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।
ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ১০০টা খণ্ড সম্পূৰ্ণ হৈছিল। এই ঐতিহাসিক মুহূৰ্তৰ স্মৃতিত সমগ্ৰ দেশতে লাইভ প্ৰদৰ্শন কৰা হয়। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ প্ৰচাৰিত হৈছিল ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড। দিল্লীৰ ৬৫৩০ স্থানত লাইভ শুনা গৈছিল এই অনুষ্ঠান।
‘মান কি বাত’ অনুষ্ঠানটো ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বেলুচি, আৰবী, পাষ্টু, পাৰ্চীকে ধৰি ১১টা বিদেশী ভাষাৰ উপৰিও ২২টা ভাৰতীয় ভাষা আৰু ২৯টা উপভাষাত সম্প্ৰচাৰিত হয়। এই অনুষ্ঠান অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
