দক্ষিণৰ অভিনেত্ৰী আমলা পলে দ্বিতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হৈছে। কেৰালাৰ কোচিত প্ৰেমিক জগত দেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াখন গ্ৰেণ্ড হায়াট কোচি বলগাটিত হৈছিল। অমলা আৰু জগতে ইনষ্টাগ্ৰাম যোগে বিয়াৰ কথা ঘোষণা কৰে। তেওঁলোকৰ বিয়াৰ ছবি সম্প্ৰতি বাতৰিৰ শিৰোনামত।
মাত্ৰ কেইজনমান মানুহৰ সান্নিধ্যত অমলা আৰু জগতৰ বিবাহ হৈছিল। বিয়াৰ ছবিত অমলা আৰু জগতক লেভেণ্ডাৰ ৰঙৰ পোছাক পিন্ধি যমজ ৰূপ লোৱা দেখা গৈছে। দুয়োকে বিয়াত বৰ ধুনীয়া দেখা গৈছিল। ফটোখনৰ কেপচনত জগতে লিখিছে, ‘দুটা জীৱন, এক নিয়তি… মই গোটেই জীৱন মোৰ ঐশ্বৰিক নাৰীত্বৰ সৈতে হাতে হাত ধৰি খোজ কাঢ়িম।’
কিছুদিন পূৰ্বে জগত দেশাইয়ে জন্মদিনত গোৱাৰ এখন ৰিজৰ্টত অমলাক প্ৰস্তাৱ দিছিল। গোৱাৰ বাসিন্দা জগতে ৰাজ্যৰ এখন বিখ্যাত বিলাসী ভিলাত মেনেজাৰ হিচাপে কাম কৰে। কিছু সপ্তাহ পূৰ্বে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি দম্পতীহালে নিজৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল। অমলাৰ প্ৰথম বিবাহ তামিল পৰিচালক এ এল বিজয়ৰ সৈতে হৈছিল যদিও বিবাহৰ তিনি বছৰৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ২০১৪ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালে কিছু ভুল বুজাবুজিৰ বাবে ২০১৭ চনত বিবাহ বিচ্ছেদ হয়। শহুৰেকে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণ ধনুশ বুলি অভিযোগ কৰিছিল যদিও অমলাই এই সকলো অভিযোগ অস্বীকাৰ কৰিছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
