শেহতীয়াকৈ অভিনেতা প্ৰভাসৰ ছবি ‘ছালাৰ’ তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ভাষাত ছবিগৃহত মুক্তি লাভ কৰিছে। ছবিখনত প্ৰভাসৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰুতি হাছান আৰু পৃথ্বীৰাজ সুকুমাৰনে। ‘ছালাৰ’ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত ৯০.৭০ কোটি টকাৰ ডাঙৰ অ’পেনিং লাভ কৰিছিল। পিছদিনা ইয়াৰ উপাৰ্জন যথেষ্ট হ্ৰাস পালে। ছবিখনে ৫৬.৩৫ কোটি টকা উপাৰ্জন কৰে। অৱশ্যে তৃতীয় দিনা ছুটিৰ দিনত সংগ্ৰহৰ গ্ৰাফটো আকৌ ওপৰলৈ উঠি গ’ল। এই সপ্তাহৰ শেষৰ ফালে ছবিখনে ৬২.০৫ কোটি টকা উপাৰ্জন কৰে। চতুৰ্থ দিনতো ছবিখনে দৰ্শকক ছবিগৃহলৈ আকৰ্ষণ কৰাত সফল হৈছিল। চতুৰ্থ দিনা ছবিখনে ৪২.৫০ কোটি টকাৰ ব্যৱসায় কৰে। এতিয়ালৈকে ‘ছালাৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ পাইছে।
প্ৰাৰম্ভিক তথ্য অনুসৰি মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ সোমবাৰে ‘ছালাৰ’ ছবিখনে ৪২.৫০ কোটি টকা সংগ্ৰহ কৰিছে। চাৰিদিনত ‘ছালাৰ’ই কেৱল ভাৰততে ২৫১.৬০ কোটি টকাৰ ব্যৱসায় কৰিছে। গতিকে বিশ্বজুৰি সংগ্ৰহৰ পৰিসংখ্যাই ৪০০ কোটি টকা অতিক্ৰম কৰিলে।
প্ৰভাসৰ ‘ছালাৰ’ ছবিয়ে শ্বাহৰুখ খানৰ দুখন ব্লকবাষ্টাৰ ছবি ‘জোৱান’ আৰু ‘পাঠান’কো মুকলিৰ দিনটোতে পৰাস্ত কৰে। ‘পাঠান’ আৰু ‘জোৱান’ ছবিয়ে বিশ্বজুৰি ১০৬ কোটি আৰু ১২৯ কোটি টকা উপাৰ্জন কৰিছিল। ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিয়ে প্ৰথম দিনাই বিশ্বজুৰি ১১৬ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘ছালাৰ’ই এই পৰ্যন্ত বহু অভিলেখ ভংগ কৰিছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
