































































































































তামুলপুৰ, ০২ নৱেম্বৰ ( হি স )। তামুলপুৰৰ কচুবাৰীত বিলাসী বাহনত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হৈছে এটা ছাগলী চোৰ । আটাকাধীন চোৰটো তিনিচুকীয়াৰ হিজুগুৰী ১ নম্বৰ গেট, পাঞ্জাৱী গাঁও কলনীৰ অমৰ আলি (৫৩) বুলি পৰিচয় পোৱা গৈছে।
আজি পুৱাৰ ভাগত তামুলপুৰ জিলা সদৰৰ কচুবাৰীত চুইফ্ট বাহনেৰে অহা চোৰৰ দলে পথৰ কাষত চৰি থকা এটি ছাগলীক বিস্কুট খুৱাই বাহনত উঠাবলৈ ধৰোতে স্থানীয় ৰাইজে আটক কৰে চোৰটোক ৷ আনহাতে চালক সহ আন এজন লোক পলাই যাৱলৈ সক্ষম হয় ৷ স্থানীয় ৰাইজে লপা থপা দি তামুলপুৰ আৰক্ষীক চমজাই দিয়ে আটকাধীন চোৰটোক ৷
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
