
কামৰূপ, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ ঘটনাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি আৰক্ষীৰ জালত পৰে ৰঙিয়াৰ যুৱক এজন। সামাজিক মাধ্যম যোগে পোষ্ট কৰা বাংলাদেশৰ হিন্দু যুৱক দিপু চন্দ্ৰ দাসক একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়া এক হৃদয় বিদাৰক ভিডিঅৰ সৈতে কিছু মন্তব্য সংযোগ কৰি পোষ্ট কৰিছিল ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ মহম্মদ শ্বেইফ আখটাৰ আলীয়ে।
হাইৱে চ’কৰ চাহৰ বিপনী বোল্লো চাইৱালা খ্যাত এইগৰাকী যুৱক (BOLLO CHAIWALA)। BOLLO CHAIWALA নামৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। উক্ত ভিডিঅ’ টি ভাইৰেল হোৱাৰ পাছতেই ৰঙা ঘৰৰ আলহী হ’ব লগা হ’ল যুৱক গৰাকী। উক্ত ভিডিঅত এটা বিশেষ সম্প্ৰদায়ক প্ৰৰোচিত তথা উত্তেজিত কৰি আন এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাট সনা পৰিলক্ষিত হোৱা বুলি অভিযোগ তোলে দুই হিন্দুত্ববাদী সংগঠনে। ইতিমধ্যে ৰাষ্ট্ৰীয় বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদ দলে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ। ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে ৰুজু কৰিছে গোচৰ। ৰঙিয়া থানাৰ ২৮৪/২৫ নম্বৰত ৰুজু কৰিছে গোচৰ। যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
