নগাঁও, ০১ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদৰ নেতৃত্বত এদল আৰক্ষীয়ে যোৱাকালি নিশা অভিযান চৰাই কচুৱাৰ পণ্ডিতঘাট গাঁৱৰ পৰা ড্ৰাগছ সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক জনৰ নাম চফিকুৰ ৰহমান (৩২) বুলি জনা গৈছে ৷
চফিকুৰে নিজ ঘৰৰ বিচনাৰ তলতে লুকুৱাই থোৱা ৮১.৬৮ গ্ৰাম অৰ্থাৎ দুটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে ৷ ধৃত যুৱকটোয়ে বহুদিনৰ পৰা অবৈধভাৱে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ ইতিমধ্যে কচুৱা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
