ধুবুৰী, ২৯ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষীৰ অভিযানত শনিবাৰে আবেলি ৬০ খনকৈ পশ্চিমবংগ চৰকাৰে ছাত্ৰ–ছাত্ৰীক দিয়া চাইকেল উদ্ধাৰ কৰা হৈছে । আৰক্ষীৰ অভিযানত ছাত্ৰ-ছাত্ৰীৰ বাবে আবন্টিত ৩৩ খনকৈ চৰকাৰী চাইকেল উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰা হৈছে । মুছলমানপাৰা গাঁৱৰ মজিদ শ্বেখ, আজিজ শ্বেখ আৰু চাইকেল মেকাৰ আলী হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে চাইকেল সমূহ । পশ্চিমবঙ্গ চৰকাৰৰ ‘সবুজ সাথী’ আঁচনিৰ অধীনত হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আবন্টন দিয়া বিশ্ব বাংলা চাইকেল অসমত উদ্ধাৰ কৰা হৈছে ।
পশ্চিমবঙ্গৰ চৰকাৰী চাইকেল অসমত বিভিন্ন স্থানত বিক্ৰী হৈ থকাৰ গোপন খবৰ ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষীয়ে লাভ কৰি থানা খনৰ অন্তৰ্গত মুছলমানপাৰা গাঁৱত অভিযান চলায় । অভিযানত মজিদ শ্বেখৰ ঘৰৰ পৰা ১৫ খন, আব্দুল আজিজ শ্বেখৰ ঘৰৰ পৰা ১৭ খন আৰু চাইকেল মেকাৰ আলী হুছেইনৰ ঘৰৰ পৰা ৮ খন চাইকেল উদ্ধাৰ কৰে । ইয়াৰ উপৰিও চাইকেল মেকাৰ আলী হুছেইনক লগত লৈ তেওঁৰ হাতীধুৰা বজাৰত থকা দোকানত অভিযান চলাই ২০ খন চাইকেল উদ্ধাৰ কৰাৰ লগতে আজিজ শ্বেখ আৰু আলী হুছেইন নামৰ লোক দুজনক আটক কৰে আৰক্ষীয়ে । এনেকৈ অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আবন্টিত চাইকেল যে পশ্চিমবঙ্গত বিক্ৰী হোৱা নাই সেই কথা নুই কৰিব নোৱাৰি ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
