গোপেশ্বৰ, ২৫ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ অহা ২৭ অক্টোবৰ শুকুৰবাৰে বদ্ৰীনাথ ধামত উপস্থিত হ’ব । উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নীও থাকিব।
জিলা দণ্ডাধীশ হিমাংশু খুৰাণাই জনোৱা মতে, ২৭ অক্টোবৰৰ পুৱা ১০:৩০ বজাত বায়ুসেনাৰ বিশেষ বিমানেৰে উপ-ৰাষ্ট্ৰপতি ধনখৰ আৰু তেওঁৰ পত্নী ডাঃ সুদেশ ধনখৰে বদ্ৰীনাথ ধামত উপস্থিত হ’ব। ইয়াৰ পিছত পুৱা ১০:৪৫ৰ পৰা ১১:৩০ বজালৈ বদ্ৰীনাথ মন্দিৰ দৰ্শন আৰু পূজা কৰিব আৰু পুৱা ১১:৪৫ বজাত বদ্ৰীনাথৰ পৰা ডেৰাডুন অভিমুখে যাত্ৰা কৰিব।
উপ-ৰাষ্ট্ৰপতিৰ বদ্ৰীনাথ ভ্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে। বুধবাৰে জিলা উপায়ুক্তই সকলো বিষয়াৰ সৈতে বৈঠক কৰি প্ৰস্তুতিৰ বুজ লয়। বদ্ৰীনাথ ধাম আৰু গৌচাৰ হেলিপেডত নিৰাপত্তা আৰু অন্যান্য সকলো ব্যৱস্থা কটকটীয়া কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে।
সভাত আৰক্ষী অধীক্ষক ৰেখা যাদৱ, ডি এফ অ’ সৰ্বেশ কুমাৰ ডুবে, চি ডি অ’ ডাঃ এল এন মিশ্ৰ, এ ডি এম ড০ অভিষেক ত্ৰিপাঠী, চি এম অ’ ড০ ৰাজীৱ শৰ্মা, এছ ডি এম কুমকুম যোশী আদি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/জগদীশ/মনোজ
