নতুন দিল্লী, ১০ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ পিছতে ইণ্ডি মিত্ৰজোঁটৰ ওপৰত কটাক্ষ কৰিছে । ৰিজিজুৱে বুধবাৰে এক্সত পোষ্ট কৰি কয়, উপৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ সপক্ষে ‘বিবেক’ৰে ভোট দিয়া ইণ্ডি মিত্ৰজোঁটৰ একাংশ সাংসদলৈ বিশেষ ধন্যবাদ। এন ডি এ আৰু আমাৰ সকলো বন্ধু সাংসদ একত্ৰিত হৈ থাকিল। ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে এজন নম্ৰ, দক্ষ ব্যক্তি আৰু এজন প্ৰকৃত দেশপ্ৰেমিক নিৰ্বাচিত কৰাৰ বাবে সকলোকে অভিনন্দন।
উল্লেখযোগ্য যে এই নির্বাচনত এন ডি এৰ প্রার্থী চি পি ৰাধাকৃষ্ণনে বিজয়ী হৈ ওলাই আহিছিল ৷ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী ভাৰতীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰে। অৱশ্যে ইণ্ডি মিত্ৰজোঁটৰ পক্ষত ৩১৫ জন সাংসদ থকা বুলি দাবী কৰে।
ইফালে ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষে কয় যে ইণ্ডি ব্লকৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোটতকৈ ১৫টা ভোট কম লাভ কৰিছে। টুইটাৰত তেওঁ লিখিছে, বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা হৈছিল আৰু ভাৰতীয় মিত্ৰজোঁটে নিজৰ সংখ্যাতকৈ ১৫টা ভোট কম পাইছিল। ভাৰতীয় মিত্ৰজোঁটৰ নেতাসকলে বিবেকৰ কণ্ঠত ভোটদানৰ বাবে প্ৰচাৰ চলাইছিল। বিনিময়ত তেওঁলোকে এইটোৱেই পাইছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
