কোচবিহাৰত,২১ অক্টোবৰ। পশ্চিমবংগত পেলনীয়া সামগ্ৰীৰে নিৰ্মান কৰা পূজা মণ্ডপ শিল্পৰ কোচবিহাৰত কলাৰ এক অনন্য ৰূপ। পশ্চিম বংগৰ ডোকৰা শিল্প কলাৰে নিৰ্মীত এখন পূজা মণ্ডপ। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ চহৰৰ মাজত ছাটগুড়িয়াহাটী নেতাজী স্কোয়াৰ সংঘ নিৰ্মান কৰিছে এই আটক ধুনীয়া পূজা মণ্ডপ।
মুলত বাঁহ , ফোম আৰু কিছুমান পেলনীয়া সামগ্ৰীৰে নিৰ্মান কৰা পূজা মণ্ডপ খনত ব্যবহাৰ কৰা হোৱা নাই প্লাষ্টিক বা প্লাষ্টিক জাতীয় সামগ্ৰী। ডোকৰা শিল্পৰ শিল্পী সকলৰ নৈপুনতাৰে প্ৰাণ পাই উঠিছে এই বিশেষ পূজা মণ্ডপ খনৰ । পঞ্চাছ লাখ টকা ব্যায় সাপেক্ষে ৬ মাহ জোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্মান সম্পূৰ্ন হয় পূজা মণ্ডপ খনৰ। নিপুণ শিল্পীৰ শিল্প কলাৰে নিৰ্মিত পূজা মণ্ডপ খন চাই অভিভূত হৈ পৰিছে পূজা মণ্ডপলৈ অহা প্ৰতিজন ব্যাক্তি।
